Breaking

যিকোনো সময়ত বিপদ হ’ব পাৰে । গাই নৈৰপৰীয়া ৰাইজলৈ সতৰ্কবাণী…

0 333

চিচিবৰগাঁও ৰাজহচক্ৰৰ চক্ৰ বিষয়া মহোদয়ে জনিবলৈ দিছে যে অৰুণাচল প্ৰদেশৰ মাঘি গাঁৱৰ কোনোবা এটা অংশত পাহাৰ খহি ভয়ানক হৈছে বুলি অৰুণাচলৰ পৰা খবৰ পাইছে । ফলত নৈৰ বহু পানী আবদ্ধ হৈ আছে । গতিকে উক্ত পানী কৃত্ৰিম বান্ধ ভাঙি কোনটো মুহূৰ্তত কেনেকৈ নামনিলৈ বৈ আহিব সেইটো থিৰাং কৰিব পৰা হোৱা নাই ।

অধিক জানিবৰ বাবে ক্লিক কৰক এই লিংকত https://fb.watch/fKEw8APdxt/

ইতিমধ্যে চক্ৰ বিষয়াই গাইনৈৰ কাষৰীয়া অঞ্চলৰ সমূহ গাঁও প্ৰধানসকলক সমূহ ৰাইজক আতংকিত নকৰাকৈ সতৰ্কতা হৈ থাকিবলৈ জৰুৰীভাৱে ইয়াৰে সতৰ্কতা জাননী জনাইছে । গাঁৱৰ কোনোলোকক নদীৰ কাষলৈ যোৱাটো বন্ধ কৰক আৰু সংকিত নোহোৱাকৈ জনাওক। মাছমৰীয়াসকলক উক্ত খবৰটি গুৰুত্বসহকাৰে জনাওঁক । যাতে কোনোধৰণৰ বিপদৰপৰা ৰক্ষা পৰে যেন ।

Leave A Reply