Breaking

উজনি আৰু নামনিৰ মুছলমানৰ মাজত আছে পাৰ্থক্য, উজনিৰ মুছলমানসকল খিলঞ্জীয়া মুছলমানঃ মুখ্যমন্ত্ৰী

0 1,111

সোমবাৰে সদনৰ মজিয়াত জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত আলোচনা কৰা হয়। এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো নিজৰ বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয় যে, ‘অসমত মুছলমানসকল দুটা ভাগত আছে ৷ সাংস্কৃতিক ভাৱে দুটা ভাগত আছে মুছলমানসকল ৷ ধৰ্মীয়ভাৱেহে একে ৷ উজনিৰ লগত নামনিৰ মুছলমানসকলৰ পাৰ্থক্য আছে ৷ জিকিৰ-জাৰি নামনি অসমত নাই ৷ উজনিৰ মুছলমানসকল খিলঞ্জীয়া মুছলমান ৷’

অসমত হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যাঃ মুখ্যমন্ত্ৰী

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু আৰু মুছলমান সমাজৰ জমসংখ্যাৰো এক তুলনামূলক ব্যাখ্যা দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘অসমত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে ৷ মুছলমানৰ বঢ়া নাই কিন্তু একে আছে ৷ হিন্দু সকলৰ অৰ্থনৈতিক অৱস্থা ভাল হৈছে গাড়ী হৈছে, স্কুটী হৈছে। জনসংখ্যা ৰোধ কৰিব লাগিব ৷ মই জনসংখ্যা ৰোধ কৰাৰ কথা ক’লে বেয়া পাব নালাগে ৷ জনসংখ্যা ৰোধ কৰিব লাগিব আমি ৷ জনসংখ্যা কমোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ, AIUDF, BJPয়ে কোনেও বিৰোধিতা সম্ভৱ নকৰে ৷ আজি সদনত শ্বেৰমান আলী আহমেদে মুছলমানৰ জনসংখ্যা, শিক্ষা আদি বিষয়ত আলোচনা কৰাৰ বাবে আমি সদনে শ্বেৰমান ডাঙৰীয়াক ধন্যবাদ দিব লাগে।

অসমৰ ভিতৰতে আছে দুখন অসমঃ

‘অসমৰ ভিতৰতে দুখন অসম হৈ আছে ৷ উজনিৰ বিধায়ক আৰু ধুবুৰীত মাজত আকাশ পাতাল পাৰ্থক্য আছে ৷ উজনিত ঘৰেই নাই আৰু ধুবুৰীত ঘৰেই ঘৰ ৷ ডিব্ৰুগড়ৰ বিধায়কে ধুবুৰীৰ বিধায়কৰ কথাই বুজি নাপায় ৷ উজনিৰ বিধায়কসকল ধুবুৰীত এসপ্তাহ থকাৰ ব্যৱস্থা আৰু ধুবুৰীৰ বিধায়কসকল উজনিত এসপ্তাহ থকাৰ ব্যৱস্থা কৰিব লাগে ৷ মই এইক্ষেত্ৰত অধ্যক্ষৰ সৈতে কতথা পাতিম।’

Leave A Reply