Breaking

হাজোৰ কুলহাটী-দমদমা চ’কত হাজো-গুৱাহাটী মূল পথ অৱৰোধঃ এঘন্টাধৰি তীব্র যানজট

0 200

হাজো-গুৱাহাটী পথৰ কুলহাটী-দমদমা চʼকৰ ৰাজপথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে দীৰ্ঘদিন ধৰি যমৰ যাতনা ভূগি অহা ৰাইজে শনিবাৰে দিনৰ ডেৰ বজাৰ পৰা প্ৰায় আঢ়ৈ বজালৈ এঘন্টাজোৰা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পথচোৱাৰ এই দুৰৱস্থাত নিতৌ সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা। পথচোৱাৰ দুৰৱস্থাৰ ফলত যমৰ- যাতনা ভোগ কৰিব লগীয়াত পৰিছে স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ লগতে দুৰণিবটীয়া যাত্ৰীয়ে।

হাজো গুৱাহাটী ৰাজপথৰ এই স্থানত পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে যদিও লোক নিৰ্মাণ বিভাগৰ অভিযন্তা, ঠিকাদাৰে চকু মুদা কুলিৰ ভাও ধৰাৰ স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি পথচোৱা পুনৰ নিৰ্মাণৰ ছমাহ নৌহওঁতেই পথটোৰ বিভিন্ন স্থানত প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হৈছে। পথচোৱা মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত আজি ধৈৰ্যৰ বান্ধ চিগাত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

এঘণ্টাতকৈয়ো অধিক সময় পথটো অৱৰোধ কৰি ৰখাত গুৱাহাটী-নলবাৰী অভিমুখী শ শ যান- বাহন আৱদ্ধ হৈ পৰে।পৰৱৰ্তী সময়ত অৱৰোধস্থলীত হাজো আৰক্ষী আৰু হাজো ৰাজহ চক্ৰ বিষয়া গৰাকী উপস্থিত হৈ প্ৰতিবাদী ৰাইজক বুজনি দিব চেষ্টা কৰে যদিও প্ৰতিবাদী জনতা সৈমান নোহাৱাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া উপস্থিত হৈ পথচোৱা শনিবাৰে নিশাৰে পৰা মেৰামতিৰ আশ্বাস দিয়াত পথচোৱা মুকলি কৰি দিয়ে।

ইফালে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখতো পথচাৰীয়ে পথৰ দুৰাৱস্থাৰ বাবে যমৰ যান্ত্ৰণা ভূগি আহিছে। দীৰ্ঘদিন ধৰি পথচোৱা মেৰামতি কৰিবলৈ আহ্বান জনোৱা হৈছে যদিও ৫০মিটাৰ নিলগত থকা হাজো লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ে দেখিও নেদেখাৰ ভাও ধৰাৰ অভিযোগ উঠিছে। অনতি বিলম্বে এই পথচোৱাও মেৰামতি কৰিবলৈ দাবী জনাইছে হাজোৰ স্থানীয় ৰাইজে।

Leave A Reply