Breaking

এনেবোৰ ঘৰত টকাৰ নাটনি হয়। মা-লক্ষ্মীয়ে লগ নিদিয়ে ! কিয় জানেনে…

0 123

চাণক্য নীতিত কোৱা হৈছে যে কেনেধৰণৰ মানুহে জীৱনত অপৰিসীম ধন-সম্পত্তি উপাৰ্জন কৰে কোনবোৰ মানুহক টকাই লগ নিদিয়ে। বিশ্বৰ মহান অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু পথ প্ৰদৰ্শক আচাৰ্য চাণক্যই বহু কথাই কৈ গৈছে, যাৰ দ্বাৰা এজন ব্যক্তিয়ে অপৰিসীম ধন-সম্পত্তি আৰু সফলতা লাভ কৰিব পাৰে। আজি আমি আপোনালোকক জনাম কেনে মানুহক ধন-সম্পত্তিয়ে লগ দিয়ে আৰু কেনে মানুহক ধন-সম্পত্তিয়ে লগ নিদিয়ে-

এলেহুৱা মানুহ- যিসকল এলেহুৱা, পৰিশ্ৰম নকৰে, তেওঁলোকৰ প্ৰতি মা লক্ষ্মী কেতিয়াও দয়ালু নহয়। এনে মানুহ ধনী হ’লেও দুখীয়া হ’বলৈ বেছি সময় নালাগে। পূৰ্বপুৰুষৰ উত্তৰাধিকাৰো ধ্বংস কৰে। গতিকে যদি আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে সদায় কৰ্মৰ ওপৰত নিৰ্ভৰ কৰক।

লেতেৰা মানুহ- যিসকল লোকে লেতেৰাকৈ থাকে। য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতা নাই, মা লক্ষ্মীয়ে কেতিয়াও তাত বাস নকৰে। লেতেৰাৰ লগতে এনে ঘৰবোৰত সদায় দৰিদ্ৰতা থাকে। এই লোকসকলে কঠোৰ পৰিশ্ৰম কৰিলেও ধনী হ’ব নোৱাৰে। ইয়াৰ লগতে তেওঁৰ চিন্তাধাৰাও নেতিবাচক হৈয়েই থাকে। প্ৰায়ে ৰোগ, ঋণৰ বলি হৈ দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হয়।

কাজিয়া – প্ৰতিটো বিষয়ত কাজিয়া কৰা, তিক্ত কথা কোৱা বা সঘনাই কাজিয়া হোৱা ঘৰত মা লক্ষ্মীয়ে কেতিয়াও তাত বাস নকৰে। এনেবোৰ ঘৰত মা লক্ষ্মীৰ কোনো আশীৰ্বাদ নাথাকে। এই লোকসকলে সদায় দুৰ্দশা আৰু দৰিদ্ৰতাত জীৱন কটায়। সমাজতো তেওঁলোকৰ সন্মান নাই।

প্ৰৱঞ্চক মানুহ- আনৰ টকাৰ ওপৰত বেয়া চকু ৰাখি ভুল উপায়েৰে টকা উপাৰ্জন কৰিবলৈ চেষ্টা কৰা এনে লোকৰ লগতো টকা নাথাকে। ভুল কাম কৰি সোনকালে ধনী হ’লেও দৰিদ্ৰ হ’বলৈও বেছি সময় নালাগে।

Leave A Reply