Breaking

গাখীৰ, কণী, ঔষধ আৰু চিলিণ্ডাৰৰ পিছত পাইলটৰ নাটনি শ্ৰীলংকাত…

0 44

গাখীৰ, কণী, ঔষধ আৰু চিলিণ্ডাৰৰ পিছতপাইলটৰ নাটনি হৈছে শ্ৰীলংকাত। যাৰ ফলত দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বহু প্ৰত্যাহ্বানৰ মাজতে শ্ৰীলংকাৰ পাইলটসকলে অতি বিপদজনক কৰ্ম পৰিস্থিতিত কাম কৰি আছে বুলি কোৱা হৈছে। এক প্ৰতিবেদন অনুসৰি বিগত ছমাহত অৰ্থনৈতিক সংকটৰ মাজতে প্ৰায় ৭০ জন পাইলটে উন্নত দৰমহাৰ সন্ধানত চাকৰি এৰিছে। অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ সঞ্চালক প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পি.এ. জয়কান্তই কয়, ‘শ্ৰীলংকা এয়াৰলাইন্স আৰু ফিটছ এয়াৰত পাইলটৰ গুৰুতৰ নাটনি হৈছে।’ এনে পৰিস্থিতিত দেশৰ নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ সমান্তৰালকৈ শ্ৰীলংকাৰ অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তৎকালীনভাৱে এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন।

বিগত ছমাহত শ্ৰীলংকাৰ বিমান উদ্যোগৰ বৃহৎ সংখ্যক বিশেষজ্ঞ আৰু পাইলটে দেশ এৰি শ্ৰীলংকাৰ তুলনাত বহু বেছি দৰমহা প্ৰদান কৰা বিদেশী বিমান সংস্থাত যোগদান কৰিছে। শ্ৰীলংকাৰ বিমান সেৱাৰ অৱস্থা অতি বেয়া। দেশৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি খালী হৈ থকা আঠটা গুৰুত্বপূৰ্ণ পদ পূৰণৰ চেষ্টা চলাইছে যদিও সেই পদৰ বাবে যোগ্য লোক আগবাঢ়ি অহা নাই। শ্ৰীলংকা এয়াৰলাইন্সৰ সৈতে জড়িত প্ৰায় ৭০জন পাইলটে যোৱা ছমাহৰ ভিতৰত পদত্যাগ কৰিছিল। এই তথ্য যোৱা সপ্তাহত সংসদত দিয়া হৈছিল। বিৰোধী দলৰ নেতা সাজিত প্ৰেমদাছাই কয় যে শ্ৰীলংকা এয়াৰলাইন্সৰ বিমান সেৱা ভালদৰে চলাবলৈ ৩৩০ জন পাইলটৰ প্ৰয়োজন, কিন্তু বৰ্তমান ইয়াত মাত্ৰ ২৬০ জন পাইলটহে আছে।

Leave A Reply