Breaking

নাচপতিৰ মাজত লুকাই আছে আচৰিত ধৰণৰ গুণাগুণ..

0 345

স্বাস্থ্যৰ বাবে অতি উচ্চ গুণসম্পন্ন ফল হ’ল নাচপতি। গৱেষকৰ মতে, নাচপতি আঁহযুক্ত পদাৰ্থৰ ভঁৰাল আৰু ভিটামিন বি২, চি, ই, কপাৰ আৰু পটাছিয়ামৰ উত্তম উৎস। নাচপতিত পেকটিন থাকে আৰু আপেলৰ তুলনাত নাচপতিত পেকটিন অধিক। নাচপতিত থকা বিভিন্ন গুণসমূহ এনেধৰণৰ-নাচপতিত থকা পেকটিনে দেহৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। লগতে পেটৰ নাড়ী-ভুঁৰি সুস্থ ৰখাত সহায় কৰে।

চিকিৎসকৰ মতে, সঘনে এলাৰ্জীত ভুগি থকা ৰোগীয়ে নাচপতি খাব লাগে। শিশুৰ বাবে নাচপতি অতি সুৰক্ষিত ফল। সাধাৰণতে বাকলিসহ নাচপতি খালে দেহে যথেষ্ট পৰিমাণে আঁহযুক্ত খাদ্য লাভ কৰে। গৱেষকৰ মতে, হৃদৰোগীৰ বাবে নাচপতি উত্তম খাদ্য।এই ফলে কেন্সাৰৰ বিৰুদ্ধেও যুঁজ দিব পাৰে।

নাচপতিত থকা ভিটামিন চি আৰু ই এ শক্তিশালী এণ্টি অক্সিডেণ্টৰ কাম কৰে। দেহৰ আঘাত আৰু থেতেলা খোৱা অংশ সোনকালে নিৰাময় হোৱাত প্ৰধান ভূমিকা লয়। নাচপতিত উপলব্ধ সকলো ভিটামিনে বহু সংক্ৰামক ৰোগৰ হেঙাৰ হিচাপে দেখা দিয়ে।

ইয়াত থকা ভিটামিন চি আৰু কপাৰে ফ্ৰী ৰেডিকেলৰ দ্বাৰা বিনষ্ট হ’ব খোজা কোষসমূহক ৰক্ষণাবেক্ষণ দিয়ে । নাচপতিত থকা কেলচিয়ামে মানুহৰ অষ্টিঅ’পৰ’ছিছক বাধা দিয়ে অথবা অষ্টিঅ’পৰ’ছিছ আগমনৰ বাট লেহেম কৰে।

গৰমকালি গৰমৰ প্ৰকোপত বহু শিশুৰ উশাহ-নিশাহ লোৱাত কষ্ট হ’লে কেতিয়াবা কফ হয়। তেতিয়া পুৱা আৰু ৰাতি শিশুক নাচপতিৰ ৰস খুৱালে কফ বাহিৰ হয় আৰু শীঘ্ৰে উশাহ-নিশাহৰ কষ্ট লাঘৱ হয়। নাচপতিৰ ৰস সকলো বয়সৰ লোকৰ বাবে উত্তম।

নাচপতিৰ ৰসে দেহলৈ সোনকালে শক্তি ঘূৰাই আনে। কাৰণ নাচপতিত যথেষ্ট পৰিমাণে ফ্ৰুকট’জ আৰু গ্লুক’জ থাকে।

নাচপতিত উপলব্ধ পেকটিনে মূত্ৰ বৃদ্ধি কৰে আৰু শৌচ অলপ ঢিলা কৰে, ফলত পেট সদায় খোলোচা ৰখাত সহায় কৰে।

Leave A Reply