Breaking

নগৰবেৰা-টুপামাৰীত নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা

0 2,038

কামৰূপৰ বৃহত্তৰ নগৰবেৰাৰ বিভিন্ন অঞ্চলত নিচাজাতীয় সামগ্ৰী যেনে মদ, জুৱা, কৰেক্স, ভাং ইৰেজাৰ, ডেণ্ডৰাইট আদি মাৰাত্মক সামগ্ৰী একাংশ অসাধু ব্যৱসায়ীয়ে বুকু ফিন্দাই বিক্ৰী কৰি থকাৰ খৱৰে অঞ্চলটোলৈ অসণি সংকেত কঢ়িয়াইছে। একাংশ অসাধু ব্যৱসায়ীয়ে বৃহৎ ছিণ্ডিকেট গঢ়ি তুলি নিতৌ লাখ লাখ টকাৰ এনেবোৰ নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি মোটা অংকৰ ধন ঘটিবলৈ তৎপৰ হৈ পৰিছে। এনে ক্ষেত্ৰত সকলো দেখিও আৰক্ষী-প্ৰশাসনে চকু মুদা কুলিৰ ভাও লোৱা বুলি সচেতন ৰাইজে কোৱাইকুই কৰিছে। নিতৌ নগৰবেৰাৰ বিভিন্ন অঞ্চলত একাংশ মদ ব্যৱসায়ীয়ে সন্ধিয়া মটৰ চাইকেলত মোনা ভৰ্তি কৰি দেশী-বিদেশী সুৰা, চুলাই আদি সদম্ভে বিক্ৰী কৰাটো এক ধৰণৰ স্বাভাৱিক কাণ্ড হৈ পৰিছে। স্মৰ্তৱ্য যে বৃহত্তৰ নগৰবেৰা অঞ্চলত এখনো অনুজ্ঞাপত্ৰ থকা ওৱাইন চপ’ নাই যদিও অবৈধ ভাৱে বিভিন্ন ঠাইত এই ব্যৱসায় দীৰ্ঘদিনৰে পৰা চলি থকাৰ পাছতো আৱকাৰী কিম্বা আৰক্ষী কাৰোৱেই কানসাৰ নথকাটোহে সকলোৰে বাবে এক অবুজ সাঁথৰ হৈ পৰিছে। অনুৰূপ ধৰণেৰে একাংশ স্কুল-কলেজৰ ছাত্ৰক প্ৰায়ে বিভিন্ন স্থানত জুম বান্ধি কেতবোৰ নিচাজাতীয় দ্ৰব্য সেৱনৰ অভ্যাস গঢ়ি তোলা বুলিও সততে খৱৰ পোৱা যায়। নগৰবেৰা বজাৰৰ উপৰি ৰঙ্গেশ্বৰী, টুপামাৰী, বদলা, ৰাঙ্গাপানী আদি অঞ্চলত দীৰ্ঘদিনৰে পৰা একাংশ অদূৰদৰ্শী ব্যৱসায়ীয়ে নিচাজাতীয় দ্ৰব্য কফ চিৰাপ, মদ, ভাং ইৰেজাৰ, ডেণ্ডৰাইট আদি কাৰ্টুনে কাৰ্টুনে বিক্ৰী কৰি থকা উপৰি মজবুত নেটৱৰ্ক গঢ়ি তোলা বুলিও সম্ভেদ পোৱা গৈছে। আনকি এনে একাংশ যুৱ ব্যৱসায়ীয়ে সময়ে সময়ে নিচাজাতীয় সামগ্ৰী সৰবৰাহ পৰত হাতে-লোটে আৰক্ষীৰ হাতত আটক হৈছে যদিও পিছমুহূৰ্ততে মুকলি আকাশৰ তললৈ গৈ পুনৰ দ্বিগুণ উৎসাহেৰে নিজৰ ব্যৱসায় চলাই গৈছে। বৃহত্তৰ অঞ্চলটোৰ ব্যৱসায় বাণিজ্যৰ অন্যতম প্ৰতিষ্ঠান টুপামাৰী বজাৰৰ অলিয়ে-গলিয়ে এতিয়া কেৱল নিচাজাতীয় দ্ৰব্য কফ চিৰাপ খালি বটল পৰি আছে। একাংশ অসাধু ব্যৱসায়ীয়ে আৰক্ষীৰ নাকৰ তলতে অবাধে চলাই গৈছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা। কিন্তু ইমানৰ পাছতো নীৰৱ আৰক্ষী মৌন অঞ্চলটোৰ দল-সংগঠন। উল্লেখিত অঞ্চলসমূহত প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে ল’ই এই সমূহ নিয়ন্ত্ৰণ কৰাই নহয়, সমূলি উৎখাতৰ বাবে তৎপৰ হ’বলৈ সচেতন ৰাইজে দাবী জনাইছে।

Leave A Reply