Breaking

মোৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী নাইঃ কংগ্ৰেছক লক্ষ্য কৰি স্মৃতি ইৰাণীৰ মন্তব্য…

0 11

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী নাই। ইৰাণীয়ে এইবুলিও কয় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বাবে কোনেও প্ৰতিদ্বন্দ্বিতা কৰাৰৰ সাহস কৰা নাই। লোকসভা নিৰ্বাচন ২০২৪ ইতিমধ্যে ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু কংগ্ৰেছে অমিথি লোকসভা আসনৰ পৰা প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। আনহাতে বিজেপিয়ে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক অমিথি সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।


সংবাদ মাধ্যম সংস্থাৰ সৈতে বাৰ্তালাপ কৰোঁতে বিজেপি প্ৰাৰ্থী স্মৃতিয়ে আমেঠি আৰু ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ প্ৰাৰ্থিত্বস ন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী নাই। ইৰাণীয়ে আমেথিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰি কয়, “বিজেপি আৰু দলৰ জ্যেষ্ঠ নেতাসকলে মোক আমেথিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাটো এক ,” তেওঁ কয়। ইৰাণীয়ে কয় “আমেথিৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ ইতিবাচক চিন্তাৰ বাবেই আমেথিত যোৱা ৫ বছৰত ১.১৪ লাখ ঘৰ, ৪ লাখ শৌচালয়, ৩.৫ লাখ পানীসংযোগ প্ৰদান কৰা হৈছে।”

Leave A Reply