Breaking

গোলাঘাটৰ বচাভৰলুত এতিয়া নাই কোনো আনন্দ ! বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে শিশুসহ ১৪গৰাকীকৈ লোক…

0 116

নিহত সকল- অনিমা শইকীয়া, দিপালী শইকীয়া, নৱজিৎ শইকীয়া, পিংকী শইকীয়া, ৰিংকি বৰা, ১০ বছৰীয়া নিহাৰিকা শইকীয়া, ১৩ বছৰীয়া শুভাংকৰ শইকীয়া, নিত্যানন্দ বৰা, প্ৰিন্সিপ্ৰিয়া বৰা, চিত্ৰা বৰা, মৃদুল বৰা(বাছৰ চালক), নুৰ আলম (টেংকাৰ চালক)।

এই ঘটনাৰ পাছতেই এতিয়া কান্দি উঠিছে গাঁওবাসী। আত্মীয়ক হেৰুৱাই এজনে কৈছে- গাঁওখনৰ মানুহবোৰ শেষ হৈ গ’ল। ক’বলৈ ভাষা নাই এতিয়া। এটা পৰিয়ালৰে ৩-৪ জনকৈ ঢুকাইছে। আনহাতে এটা পৰিয়ালৰে ৬ জন লোক ওলাই গৈছিল। এই পৰিয়ালটোৰ ৪ জনৰ মৃত্যু হৈছে। ককাই-ভায়েকৰ পৰিয়াল গৈছিল বনভোজলৈ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। নিহতসকলৰ পৰিয়াললৈ ২ লাখ আৰু আহতৰ পৰিয়াললৈ ৫০,০০০ টকাৰ আৰ্থিক সাহাৰ্য ঘোষাণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । পিএমঅ’ই ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনাই এই কথা।

Leave A Reply