Breaking

“১৭-১৮ বছৰ ৰাইজক ঠগোৱা ‘নিসিজা দাইল’ সকলৰ কথা শুনাৰ প্ৰয়োজন নাইঃ মন্ত্ৰী অশোক সিংহল

0 27

আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টি এন ডি এৰ দখল লৈ আনিবলৈ বিজেপি দলে বুথে বুথে নিজৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। কোকৰাঝাৰ জিলাত কেবাগৰাকী নেতাই দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠিপৰি লগাৰ পাছত আজি দলটোৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোসাঁইগাঁৱৰ কাশিয়াবাৰীত বিশাল গণসমাৱেশৰ আয়োজন কৰে বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিয়ে। উক্ত সভাত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথি ৰূপত অংশগ্ৰহণ কৰে। বিশাল জনসভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে “আজিৰ সভাত বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰা ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা নিজৰ মৰম-আস্থা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা সদিচ্ছাৰ কথাই প্ৰতিপন্ন কৰিছে। গোসাঁইগাঁৱক অসমৰ প্ৰৱেশদ্বাৰ বুলি অভিহিত কৰি তেওঁ কয় যে “এসময়ৰ অতিশয় অশান্ত অঞ্চল হিচাপে জনাজাত এই এলেকাত আজি শান্তি আৰু উন্নয়নৰ ঢল বৈছে।

ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দিল্লী-দিছপুৰত গঠিত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এই অঞ্চলত শান্তি প্ৰতিষ্ঠাক মূল লক্ষ্যৰূপে লৈ কাম কৰি আৰু বড়ো শান্তি চুক্তি, আদিবাসী শান্তি চুক্তিৰ মাধ্যমে হিংসাজৰ্জৰিত অঞ্চলটোলৈ শান্তি আৰু স্থিৰতা ঘূৰাই আনিবলৈ সক্ষম হৈছে। এসময়ত হাতত মাৰণাস্ত্ৰ তুলি লোৱা বড়ো আৰু আদিবাসী উগ্ৰপন্থীসকলেও অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহি উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰিলে। শান্তি অবিহনে উন্নয়ন অসম্ভৱ বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিআৰলৈ শান্তি ঘূৰি অহাৰ পাছত ৰাস্তা-ঘাট, দলং, হাস্পতালকে ধৰি উন্নয়নৰ এক যাত্ৰা আৰম্ভ হৈছে ফলত সকলো দিশতে বিটিআৰ অঞ্চল আগুৱাই গৈ আছে। কোকৰাঝাৰত মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত, বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত অঞ্চলটোত উন্নয়নৰ নতুন দিগন্তৰ বাট মুকলি হৈছে। ছুপাৰ-৫০ৰ দৰে কাৰ্যসূচীয়ে অঞ্চলটোৰ ১৬ গৰাকীকৈ প্ৰতিভাৱান যুৱক-যুৱতীক অসম অসামৰিক সেৱাৰ মূল পৰীক্ষাত বহাৰ যোগ্যতা অৰ্জন কৰাইছে। বিপিএফ চৰকাৰৰ দীৰ্ঘদিনীয়া কাৰ্যকালত বিটিআৰত মাথোঁ লুণ্ঠন চলিল বুলি অভিযোগ কৰি তেওঁ কয় যে বড়োভূমিৰ উন্নয়নৰ বাবে তেওঁলোকে একো নকৰিলে। অনাগত নিৰ্বাচনত গোঁসাইগাঁও সমষ্টিত বিজেপি-ইউপিপিএলৰ বিজয় পতাকা উৰিব বুলি ঘোষণা কৰি তেওঁ কয় যে বিগত উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰি ৰাইজে তাৰেই উমান দিছে। উপ নিৰ্বাচনত দিয়া সকলো প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ উন্নয়নৰ যাত্ৰা গোঁসাইগাঁৱৰ পৰা আৰম্ভ হৈ আগবাঢ়ি যাব। মিছন বসুন্ধৰাৰ আৰ্হিত বিজেপি-ইউপিপিএল চৰকাৰে অঞ্চলটোৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিব বুলি তেওঁ ঘোষণা কৰে।

১৭-১৮ বছৰ ৰাইজক ঠগোৱা ‘নিসিজা দাইল’ সকলৰ কথা শুনাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি তেওঁ কয় যে বড়োভূমিৰ উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটৰ বিকল্প নাই। অঞ্চলটোৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত অনাগত দিনতো মিত্ৰজোঁটলৈ মৰম-আশীৰ্বাদ আগবঢ়াই যাবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়। আজিৰ এই জনসভাত কোকৰাঝাৰ জিলাৰ দলীয় পৰ্যবেক্ষক তথা ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী, গোঁসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওয়া নাৰ্জিহাৰী, বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ সজল কুমাৰ সিংহ, কোকৰাঝাৰ জিলা বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰীয়ে দলৰ সাংগঠনিক দিশত ভাষণ আগবঢ়ায়। কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গোসাই বসুমতাৰীয়ে আত ধৰা উক্ত সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীব ব্ৰহ্ম, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কোকৰাঝাৰ জিলা সভাপতি জেঠমল মালু, মণ্ডল সভাপতি ৰাজকুমাৰ নাৰ্জাৰী, দলৰ মুখপাত্ৰ পংকজ বৰবৰা আদিও উপস্থিত থাকে।

Leave A Reply