Breaking

ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তাৰ কাৰণ নাইঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত…

0 25

ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তাৰ কাৰণ নাইঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। সমগ্ৰ দেশতে কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে শনিবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভতমন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷স্বাস্থ্যমন্ত্ৰী মহন্তই শনিবাৰে কয়, ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তাৰ কাৰণ নাই৷ এইটো ভেৰিয়েণ্ট দুৰ্বল৷ যুঁজিব পৰাকৈ সকলোৰে ইমিউনিটী আছে৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, এতিয়ালৈকে ৰাজ্যত কোনো নিৰ্দেশনা দিয়া হোৱা নাই৷ কোভিড টেষ্ট বাধ্যতামূলক নহয় ৰাজ্যত৷ বিদেশৰ পৰা অহা যুৱতীৰ দেহত ক’ভিড ধৰা পৰিছে যদিও এইক্ষেত্ৰত স্বাস্থ্য বিভাগে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷

অসমত এতিয়ালৈকে ক’ভিড ধৰা পৰা নাই বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰত্যেক বছৰে নৱেম্বৰ–ডিচেম্বৰতেই ক’ভিড আহে বুলি মন্তব্য কৰে৷ কোভিডে ৰাজ্যত বিশেষ ক্ষতি কৰিব নোৱাৰে বুলিও তেওঁ আশা প্ৰকাশ কৰে৷

Leave A Reply