Breaking

‘পৃথিৱীত এটাই ধৰ্ম আৰু সেয়া হ’ল সনাতন ধৰ্ম’- মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ…

0 58

সনাতন ধৰ্ম সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে গোৰখপুৰত কয় যে মাত্ৰ এটা ধৰ্ম আৰু সেয়া হ’ল ‘সনাতন ধৰ্ম’, বাকী সকলোবোৰ পন্থা আৰু পূজাৰ পদ্ধতি। মুখ্যমন্ত্ৰী যোগীয়ে গোৰখনাথ মন্দিৰত আয়োজন কৰা সাতদিনীয়া শ্ৰীমদ্ভাগৱত কথা জ্ঞান যাগ্যৰ অন্তিম দিনা সামৰণি অধিৱেশনত ভাষণ দি এই মন্তব্য কৰে।সনাতন ধৰ্মৰ ওপৰত আক্ৰমণে মানৱতাৰ ওপৰত সংকট কঢ়িয়াই আনিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।


যোগী আদিত্যনাথে সোমবাৰে কয়, ‘সনাতন ধৰ্ম হৈছে মানৱতাৰ ধৰ্ম। যদি সনাতন ধৰ্মক আক্ৰমণ কৰা হয় তেতিয়া পৃথিৱীৰ মানৱতা বিপদত পৰিব। ইয়াত যি নাই, পৃথিৱীৰ ক’তো পোৱা নাযাব বুলিও কয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। শ্ৰীমদ্ভাগৱত মহাপুৰাণ কথা জ্ঞান যাগ কাৰ্যসূচীত ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, ‘শ্ৰীমদ ভাগৱত মহাপুৰানে মুক্তিৰ বিষয়ে যি কথা কৈছে, সেয়া কেৱল সনাতন ধৰ্মতহে পোৱা যাব আৰু আন ক’তো দেখা নাযায়। কেৱল ভগৱান বেদ ব্যাসেহে এই নিশ্চয়তা দিব পাৰে, ইয়াত যি আছে সেয়া সকলোতে আছে আৰু ইয়াত যি নাই সেয়া পৃথিৱীৰ আন ক’তো পোৱা নাযায়। ভাৰতৰ সকলো নাগৰিকে এই কথাত গৌৰৱ অনুভৱ কৰা উচিত।


Leave A Reply