Breaking

চেষ্টাৰ অসাধ্য একো নাই ! চিকিৎসকৰ পৰা আই এ এছ বিষয়ালৈ পৰিণত হোৱা অংশু প্ৰিয়াৰ বিষয়ে জানক…

0 104

এক ইউ পি এছ চিৰ সফলতাৰ কাহিনী ! আই এ এছ অংশু প্ৰিয়া এম বি বি এছৰ স্নাতক আৰু বিহাৰৰ মুংগেৰ জিলাৰ বাসিন্দা। ২০২১ চনত অসামৰিক সেৱাৰ পৰীক্ষাত ফাট মেলিছিল। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৩ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ পঞ্জীয়ন চলি আছে। আন বছৰৰ দৰে এইবাৰো ভাৰতৰ অন্যতম কঠিন পৰীক্ষাত অৱতীৰ্ণ হ’ব লাখ লাখ পৰীক্ষাৰ্থীয়ে। যদিও বহুতে এটা বা দুটা বিফল প্ৰচেষ্টাৰ পিছত ইউ পি এছ চি পৰীক্ষা দিবলৈ প্ৰেৰণা হেৰুৱাই পেলায়, তথাপিও কিছুমানে ৪-৫ বাৰ চেষ্টা কৰে। শেষ প্ৰয়াসতো তেওঁলোকে আশা হেৰুৱাব নিবিচাৰে। তৃতীয় প্ৰচেষ্টাত পৰীক্ষা উৰ্ত্তীণ হোৱা তেনে এগৰাকী হৈছে আই এ এছ অংশু প্ৰিয়া। ২০২১ চনত তৃতীয়বাৰৰ বাবে অল ইণ্ডিয়া ৰেংক (এআইআৰ) ১৬ লাভ কৰিছিল।২০১৯ চনত প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ইউ পি এছ চি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ প্ৰিলিমতো ক্লিয়াৰ কৰিব পৰা নাছিল। দ্বিতীয় প্ৰচেষ্টাতো তেওঁ সফলতা লাভ কৰিব নোৱাৰিলে।

কিন্তু অৱশেষত ২০২১ চনত পৰীক্ষাত উৰ্ত্তীণ হৈ AIR 16 লাভ কৰে।তৃতীয়মান প্ৰচেষ্টাৰ বাবে তেওঁৰ কঠোৰ পৰিশ্ৰম কৰাৰ লগতে বিভিন্ন পৰীক্ষাৰ সহায়ও লয়। তেওঁৰ ঐচ্ছিক বিষয় আছিল চিকিৎসা বিজ্ঞান।এম বি বি এছৰ স্নাতক আৰু বিহাৰৰ মুংগেৰ জিলাৰ বাসিন্দা অংশ। তেওঁৰ দেউতাক এজন শিক্ষক।অংশু প্ৰিয়াই নট্ৰে ডেম একাডেমী মুংগেৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত এম বি বি এছ (চিকিৎসা স্নাতক আৰু অস্ত্ৰোপচাৰত স্নাতক) কৰিবলৈ এইমছ পাটনালৈ যায়। ইয়াৰ পিছত এইমছ পাটনাত ৰেচিডেণ্ট ডাক্তৰ হিচাপে কাম কৰিছিল।ডিগ্ৰী লাভ কৰাৰ পিছত কিছুমান চিকিৎসালয় আৰু স্বাস্থ্যসেৱা কেন্দ্ৰতো প্ৰেকটিছ কৰিছিল। এম বি বি এছৰ সময়ত ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল আৰু তৃতীয় বাৰ পৰীক্ষাত সফলতা লাভ কৰে। সেইবাবেই কোৱা হয় চেষ্টাৰ কোনো অসাধ্য নাই।

Leave A Reply