Breaking

এইসকল অভিনেত্ৰীয়ে ভাতৃৰ সৈতে নহয় ভগ্নীৰ সৈতে উদযাপন কৰে ৰাখী বন্ধন…

0 27

উৎসৱ উদযাপনৰ ক্ষেত্ৰত বলীউডৰ চেলিব্ৰিটিৰ কোনো তুলনা নাই। কিন্তু ৰক্ষাবন্ধন উপলক্ষে আজি আমি সেই অভিনেত্ৰী সকলৰ কথা ক’ম যিসকলে নিজৰ ভনীয়েকক ৰাখী বান্ধি উৎসৱ উদযাপন কৰে। মলাইকা অৰোৰাৰ পৰা আৰম্ভ কৰি কৃতি ছাননলৈকে এই অভিনেত্ৰীসকলে ভনীয়েকৰ সৈতে উদযাপন কৰে ৰাখী বন্ধন। দুয়োগৰাকী ভগ্নীৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। কৃতি আৰু নুপুৰে ইজনীয়ে সিজনীক ৰাখী বান্ধে।

জন্মদিন উদযাপনৰ পৰা ৰাখী বন্ধনলৈকে মালাইকা আৰু অমৃতা সদায় ইগৰাকীয়ে সিগৰাকীক লগ দিয়ে। মলাইকা আৰু ইগৰাকীয়ে সিগৰাকীক ৰাখীও বান্ধে।

অভিনেত্ৰী ভূমি পেডনেকাৰেও ভগ্নীৰ সৈতে বহু ফটো শ্বেয়াৰ কৰে। দুয়োগৰাকী ভগ্নীক বলীউডৰ বহু অনুষ্ঠানতো একেলগে দেখা যায়। ভূমি আৰু সমীক্ষাইও ইগৰাকীয়ে সিগৰাকীক ৰাখী বান্ধে। এবাৰ অভিনেত্ৰী ভূমিয়ে ৰক্ষাবন্ধনৰ শ্বুটিঙত ব্যস্ত হৈ থাকোঁতে ভনীয়েকক বহুত মিছ কৰিছিল।

কাপুৰ পৰিয়ালত প্ৰতিটো উৎসৱ অতি উৎসাহেৰে পালন কৰা হয়। কৰীনা আৰু কৰিশ্মাইও ইগৰাকীয়ে সিগৰাকীৰ সৈতে এই উৎসৱ উদযাপন কৰে।

অভিনেত্ৰী শিল্পা আৰু শমিতাৰ মাজতো বহুত ভাল সম্পৰ্ক। এই অভিনেত্ৰী ভগ্নীসকলেও ৰাখী বন্ধনৰ এই উৎসৱটি উদযাপন কৰে।

Leave A Reply