Breaking

বিয়াৰ পিছত বছৰ বছৰ ধৰি স্বামীৰ পৰা পৃথকে বসবাস কৰি আহিছে এইসকল সুন্দৰীয়ে…

0 121

বিয়াৰ পিছত বছৰ বছৰ ধৰি স্বামীৰ পৰা পৃথকে বসবাস কৰি আহিছে এইসকল সুন্দৰীয়ে। বলীউড আৰু টেলিভিছনৰ বহু চেলিব্ৰিটিয়ে বিয়াৰ পিছতো দীৰ্ঘদিন ধৰি স্বামীৰ পৰা পৃথকে বসবাস কৰি আহিছে। কাৰোবাৰ বিচ্ছেদ, কাৰোবাৰ পেছাদাৰী দায়বদ্ধতা ইত্যাদি কাৰণৰ বাবে বলীউড আৰু টেলিভিছনৰ বহু তাৰকা বিয়াৰ পিছত স্বামী লগত বেছি দিন থাকিব নোৱাৰিলে। সেই সুন্দৰী সকল কোন কোন জানেনে…

হেমা মালিনী

বিয়াৰ পিছৰে পৰা হেমা মালিনী আৰু ধৰ্মেন্দ্ৰই পৃথকে পৃথকে বসবাস কৰি আহিছে। শেহতীয়া এক সাক্ষাৎকাৰৰ সময়ত এই বিষয়ে মুকলিকৈ কয় অভিনেত্ৰীগৰাকীয়ে। হেমা মালিনীয়ে কয় যে এই ধৰণৰ জীৱন যাপন কৰিবলৈ কোনেও নিবিচাৰে। সকলোৱে বিচাৰে স্বামী আৰু সন্তানৰ সৈতে স্বাভাৱিক জীৱন। কিন্তু কিবা কাৰণত এইবোৰৰ পৰা মই পৃথক হৈ পৰিলোঁ।

সংগীতা ঘোষ
বিখ্যাত টিভি অভিনেত্ৰী সংগীতা ঘোষো বহু বছৰৰ বিবাহৰ অন্তত স্বামীৰ পৰা পৃথকে মুম্বাইত থাকে। জয়পুৰৰ প’ল’ খেলুৱৈ শৈলেন্দ্ৰ সিং ৰাজপুতৰ সৈতে সংগীতাৰ বিবাহ হৈছিল। সংগীতাই ব্যস্ততাৰ বাবে মুম্বাইত থাকিব লগা হোৱাৰ বিপৰীতে শৈলেন্দ্ৰই ব্যৱসায়ৰ বাবে জয়পুৰত থাকিব লগা হৈছিল।

অলকা য়াগনিক
অলকা য়াগনিকৰ বিয়াৰ বহু বছৰ পাৰ হৈ গ’ল। ১৮৮৯ চনত আলকাই শ্বিলঙৰ নিবাসী নীৰজ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শিলচৰত নীৰজৰ ব্যৱসায় আছে, সেয়ে তেওঁ তাতেই থাকে, আনহাতে কণ্ঠশিল্পী অলকা য়াগনিক কৰ্মব্যস্ততাৰ বাবে মুম্বাইত থাকে।

ৰাধিকা আপ্তে
ৰাধিকা আপ্তেও বিয়াৰ পিছত বহুদিন ধৰি স্বামীৰ পৰা পৃথকে থাকিবলৈ লৈছে। অৱশ্যে ক’ভিডৰ পিছৰে পৰা দুয়োজনে একেলগে সময় অতিবাহিত কৰিছে। ২০১২ চনত লণ্ডনৰ সংগীতজ্ঞ বেনেডিক্ট টেইলৰৰ সৈতে ৰাধিকাই গোপনে বিবাহপাশত আৱদ্ধ হৈছিল। পৃথকে থকাৰ কথা কওঁতে ৰাধিকাই কৈছিল- ‘দীৰ্ঘ দূৰত্বৰ সম্পৰ্ক বৰ কঠিন।

Leave A Reply