Breaking

বৰপেটাত চোৰৰ লক্ষ্য এনফিল্ড বুলেটলৈ

0 1,035

বৰপেটাত চোৰৰ লক্ষ্য এনফিল্ড বুলেট ৷দুদিনত দুখনকৈ এনফিল্ড বুলেট চুৰি ৷অৱশেষত বৰপেটা আৰক্ষীৰ জালত পৰিল দুই মটৰ চাইকেল চোৰ৷আনহাতে চোৰদুটাৰ পৰা উদ্ধাৰ দুখনকৈ এনফিল্ড বুলেট৷বৰপেটা আৰক্ষীয়ে জনোৱামতে- ধৃত চোৰ দুটা পাটবাউসীৰ চিন্ময় কলিতা আৰু কেওটপাৰাৰ ছফিকুল ইছলাম৷পাটবাউসীৰ চিন্ময় কলিতা নামৰ চোৰটোৱে মটৰ চাইকেল চুৰি কৰি জমা দিয়ে কেওটপাৰাৰ ছফিকুলক৷আৰু ছফিকুলে বিভিন্ন স্থানত বিক্ৰী কৰে চুৰি মটৰ চাইকেল ৷অৱশ্যে বৰপেটা আৰক্ষীয়ে মটৰ চাইকেল চুৰিৰ গেংটোক আটক কৰাৰ পিচতে পোহৰলৈ আহিছে চুৰিৰ বহু তথ্য ৷

যোৱা ৪ আৰু ৫ এপ্ৰিলত বৰপেটাৰ বিলৰতাৰী হাটীৰ আৰু বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা চুৰি হৈছিল দুখনকৈ এনফিল্ড বুলেট মটৰচাইকেল ৷বৰপেটাত মটৰ চাইকেল চুৰিৰে সন্ত্ৰাস চলোৱা দুটাকৈ চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিচতে চোৰ দুটাৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Leave A Reply