Breaking

নলবাৰীত চোৰৰ নতুন কৌশল!

0 2,233

নলবাৰী জিলা পাইকাৰকুছিত ওলাইছে তেল চোৰ । মঙলবাৰে নিশা পাইকাৰকুছি চকৰ সমীপতে থকা বসন্ত সাউডৰ ঘৰৰ চৌহদত থকা বাছ গাড়ীৰ পৰা চোৰৰ এটা দল আহি নতুন কৌশলৰে গাড়ীৰ তেল চুৰি কৰা কাৰ্য পৰিলক্ষিত হৈছে । সময়ৰ লগে- লগে চোৰৰ নতুন-নতুন কাৰ্য আৰম্ভ হবলৈ ধৰিছে । কৰ’না মহামাৰিৰ ফলত সমগ্ৰ দেশ তথা ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰল-ডিজেলৰ মুল্য আকাশলংঘী হৈছে । সেয়ে এতিয়া চোৰৰ চকু তেলৰ ওপৰত । পুৱ নলবাৰীস্থিত পাইকাৰকুছিত বসন্ত সাউডৰ ঘৰৰ চৌহদত থকা তেখেতৰ বাছ গাড়ীৰ পৰা চুৰে নতুন কৌশলৰে নিশা চুৰি কৰি নিলে গাড়ীৰ তেল । পিছদিনা গাড়ী পাইকাৰকুছিৰ পৰা নলবাৰী নাপাওতে অচল হোৱাতহে লাগিল খেলি-মেলি । পিছত বাছৰ গৰাকীয়ে চি. চি কেমেৰাৰ ফুটেজ লক্ষ্য কৰাতহে ওলাই পৰিল তেল চোৰ । নিশা চোৰৰ এটি দলে পাইপ আৰু ড্ৰাম লৈ আহিছিল তেল চুৰ কৰিবলৈ । কৰ’নাৰ বাবে বাছ মালিক সকলোৰ তেনেই আলাই-আথানি হৈছে তাতেই আকৌ তেল চুৰি কাণ্ডই চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে ।

Leave A Reply