Breaking

সিন্ধি খান্দি চোৰে সৰকালে বাইক আৰু মোবাইল

0 2,251

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ম’হচৰা গাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰি কাণ্ড। নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী কাছুমাৰাৰ পূৱ ম’হচৰাত সিন্ধি খন্দা চোৰৰ সন্ত্ৰাস। চোৰে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰবেশ কৰি সৰকালে মটৰ চাইকেল আৰু মোবাইল। জানিব পৰা মতে পূৱ ম’হচৰা গাঁৱৰ ইয়াকুব আলী নামৰ লোক জনৰ ঘৰত মঙ্গলবাৰে  নিশা আনুমানিক প্ৰায় ২ বজাত চোৰে সিন্ধি খান্দি থকা ঘৰত সোমায় টেবুলৰ ওপৰৰ পৰা এটা মোবাইল মটৰ চাইকেলৰ ছাবি পাত লৈ অন্য কোঠাৰ পৰা AS25 S 3129 নম্বৰৰ মটৰ চাইকেল খন চুৰি কৰি লৈ যায়। পুৱা বহু পলমকৈ গৃহস্থই গম পোৱাত হুলস্থুল সৃষ্টি হয়। ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত অৱগত কৰাৰ পিছত কাছুমাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও খামিডাঠ চোৰৰ কোনো উৱাদিহ পোৱা নাই। উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিনৰে পৰাই সৰু সুৰা চুৰিকাণ্ড সংগঠিত হৈ আছে যদিওঁ আৰক্ষীয়ে কোনো চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আগলৈ আৰক্ষীক তৎপৰ হৈ চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

Leave A Reply