Breaking

বেজৰ নাকতে খৰ, নগাঁও আৰক্ষী নিৱেশৰ ভিতৰতে চোৰৰ টিঘিলঘিলনি

0 1,158

নগাঁও, ২৭ নৱেম্বৰ:   নগাঁও আৰক্ষীৰ বিফলতাৰ বাবে জিলাখনত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। সাধাৰণ ৰাইজৰ কথা বাদেই খোদ আৰক্ষীকে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰা নগাঁও আৰক্ষীক এতিয়া কেৰেপ নকৰা হৈছে সাধাৰণ চোৰ-দগাবাজেও। শেহতীয়াভাৱে মৰিকলং আৰক্ষী চকীৰ ভিতৰতে ফুট-গধূলিতে আৰক্ষীক প্ৰহাৰ কৰি পলায়ণ কৰা ঘটনাৰ মুল অপৰাধীক আটক কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ পৰিয়ালৰ লোকো এতিয়া শংকিত ক্ৰমবৰ্দ্ধমান অপৰাধজনিত কাৰ্যকলাপত। সেয়ে এতিয়া আৰক্ষী নিৱেশৰ ভিতৰতে চোৰৰ টিঘিলঘিলনি। আজি নগাঁও আৰক্ষী নিৱেশত চুৰি কৰিবলৈ আহি ধৰা পৰিল আছিক আহমেদ নামৰ এটা চোৰ। আৰক্ষী নিৱেশৰ কাষতে বাস কৰা এটা পৰিয়ালত চুৰি কৰিবলৈ যোৱা আছিক আহমেদ নামৰ চোৰটোক অৱশ্যে স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয়। ৰাইজে আটক কৰি চোৰটোক উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। কিন্তু আছিকৰ সৈতে চুৰি কৰিবলৈ অহা আন এটা চোৰে সেই স্থানৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, সামাজিক মাধ্যমত অসমৰ ভিতৰতে সৰ্বাধিক প্ৰচাৰত গুৰুত্ব দিয়া নগাঁও আৰক্ষীয়ে আইন-শৃংখলা নিয়ন্ত্ৰনৰ দিশটোত সমানে গুৰুত্ব নিদিয়াৰ ফলতে জিলাখনত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। শেহতীয়াভাৱে নগাঁও আৰক্ষীক অপৰাধীয়ে তিলমানো কেৰেপ নকৰা কাৰ্যই আতংকিত কৰি তুলিছে জিলাখনৰ সাধাৰণ ৰাইজক।

Leave A Reply