Breaking

এন্টাৰ্কটিকাত মুকলি হ’ল ভাৰতৰ তৃতীয়টো ডাকঘৰ…

0 20

৫ এপ্ৰিলত ৰাষ্ট্ৰীয় মেৰু আৰু মহাসাগৰীয় গৱেষণা কেন্দ্ৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত মহাৰাষ্ট্ৰ চক্ৰৰ মুখ্য ডাক মাষ্টাৰ জেনেৰেল কে কে শৰ্মাই  ডাকঘৰটো উদ্বোধন কৰে।

এন্টাৰ্কটিকাৰ এই নতুন ডাকঘৰৰ নাম দিয়া হৈছে ‘গংগোত্ৰী’। ইয়াৰ পিনকোড ‘MH 1718’ হিচাপে ৰখা হয়।১৯৮৪ চনত এন্টাৰ্কটিকাত প্ৰথমটো ডাকঘৰ মুকলি কৰা হয়। ইয়াৰ নাম ‘দক্ষিণ গংগোত্ৰী’।

এই ডাকঘৰত এবছৰত প্ৰায় ১০ হাজাৰ আদান প্ৰদান হৈছিল। কিন্তু দক্ষিণ গংগোত্ৰী জাহাজখন বৰফত ডুব যোৱাৰ পিছত ১৯৮৮-৮৯ চনত এই ডাকঘৰ বন্ধ কৰি দিয়া হৈছিল। ১৯৯০ চনত এন্টাৰ্কটিকাত দ্বিতীয়টো ডাকঘৰৰ শাখা ‘মৈত্ৰী’ মুকলি কৰা হয়।

Leave A Reply