Breaking

নলবাৰী জিলাৰ বাৰ্তাজীৱী সংঘৰ তৃতীয়-দ্বি বাৰ্ষিক অধিবেশন। সাংবাদিকৰ ন্যাৰ্য প্ৰাপ্তিৰ হকে সদনত উত্থাপন কৰিব বিধায়ক দিগন্ত বৰ্মনে

0 1,039

নলবাৰী জিলা বাৰ্তজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখন আজি নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । এই উপলক্ষে ৰাতিপুৱা প্ৰায় ১০ বজাত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক তপন কুমাৰ শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ তৰ্পণ অনুষ্ঠানত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সূভাষ বৰ্মন আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে ক্ৰমে শ্বহীদ তৰ্পন আৰু মাল্যাৰ্পণ কৰে । পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বৰ্মন আৰু সাংবাদিক জোন কুমাৰ হালৈয়ে স্মৃতি তৰ্পণ কৰে । ইয়াৰ পিছতে সম্পন্ন গছপুলি ৰোপণ কাৰ্যসূচীত অৱসৰী শিক্ষক এম হাছান আলী, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ জিতেন চন্দ্ৰ শৰ্মা আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰাণজিৎ ঠাকুৰীয়াই ৰোপক হিচাপে অংশগ্ৰহণ কৰে । দিনৰ প্ৰায় ১১ বজাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি নৰেণ শৰ্মাৰ সভাপতিত্বত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হয়। 

অধিৱেশনখনত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মা, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ কুমাৰ ভট্টাচাৰ্য, সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মা, প্ৰচাৰ সম্পাদক হেমন্ত বৰ্মন, কাৰ্যনিৰ্বাহক সদস্যা নৱনীতা কলিতা, দৈনিক জনমভূমি এমপ্লইজ ইউনিয়নৰ সভাপতি উৎপল ভাগৱতী, লেখক নৱৰত্ন পাটোৱাৰী, বেলশৰ আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমনি শৰ্মা, সহকাৰী আৰক্ষী বিষয়া প্ৰণামিকা গগৈ, নতুন দেহৰ জিলা পৰিষদৰ সভাপতি ভাস্কৰ শৰ্মা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সচেতন নাগৰিক মঞ্চ, অসমৰ সম্পাদক অতুল বৰ্মন, কেন্দ্ৰীয় প্ৰাক্তন সাংগঠনিক সম্পাদক ভাস্কৰ শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় । সভাত অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাই সাংবাদিকৰ ন্যায্য প্ৰাপ্তি আৰু সাংবাদিকৰ অধিকাৰ সম্পৰ্কে চৰকাৰী পক্ষৰ লগত বাৰ্তাজীৱী সংঘই আলোচনা কৰি যাব বুলি ব্যক্ত কৰে ।

শৰ্মা নিজৰ ভাষণ প্ৰসংগত ৰাজ্যখনৰ অৱসৰী সাংবাদিক সকলক চৰকাৰে ঘোষণা কৰা অনুসৰি মাহিলী ১০ হেজাৰকৈ চৰকাৰী পেঞ্চন যথাযথ ভাবে শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনায় । তদুপৰি, সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ ধন বৰ্তমানৰ ১ লাখ টকাৰ পৰা ৫ লাখ টকালৈ অতি সোনকালে বৃদ্ধি কৰাৰ দাবী উণ্থাপন কৰে । ইফালে, সভাত নিমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰসংগত বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে কয় “আপোনালোকৰ সমস্যা আৰু ন্যায্য প্ৰাপ্তিৰ কথা মই এইবেলি বিধানসভাত উণ্থাপন কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাম ।এই কাৰ্যসূচীৰ পিছতে প্ৰেছ ক্লাৱৰ মোহন ভাইৰা সোঁৱৰণি কাৰ্যালয়গৃহত প্ৰতিনিধি সভাখন অনুষ্ঠিত হয় । প্ৰতিনিধি সভাত  নৰেণ শৰ্মাক সভাপতি, পংকজ কুমাৰ লহকৰ, সুভাষ দাস, উদ্ধৱ ঠাকুৰীয়াক উপ-সভাপতি, ৰূপ কুমাৰ শৰ্মাক সম্পাদক, কুমুদ বৰ্মন, আজিজ আলী, অনিমেষ বৰ্মন, শৈলেন বৰ্মনক সহকাৰী সম্পাদক হিচাপে লৈ বাৰ্তাজীৱী সংঘৰ নলবাৰী জিলাৰ নতুন সমিতিখন গঠন কৰা হয় । 

Leave A Reply