Breaking

২৪ ঘণ্টাত ৭০ হাজাৰ লোক কোৰোণাত আক্ৰান্ত, এটা সপ্তাহত ৩০ শতাংশ হ্ৰাস আক্ৰান্তৰ হাৰ

0 523

দেশত কোৰোণা ভাইৰাছৰ (Covid-19 Cases in India) দ্বিতীয় ঢৌত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱা দেখা গৈছে। বিগত সপ্তাহত সংক্ৰমণৰ হাৰ ৩০ শতাংশ হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৭০ হাজাৰ ৪২১জন লোক। মৃত্যু হৈছে ৩৯২১জনৰ। ১ লাখ ১৯ হাজাৰ ৫০১জন লোক সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত এতিয়ালৈ ২ কোটি ৯৫ লাখ ১০ হাজাৰ ৪১০জন লোক কোৰোণাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২ কোটি ৮১ লাখ ৬২ হাজাৰ ৯৪৭জন লোক সুস্থ হৈ উঠিছে। এতিয়ালৈ ৩ লাখ ৭৪ হাজাৰ ৩০৫জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ৯ লাখ ৭৩ হাজাৰ ১৫৮জন লোক আক্ৰান্ত হৈ আছে এই ভাইৰাছত।

Leave A Reply