Breaking

‘এয়া মহাদেৱৰ কৃপা’, সোমনাথ মন্দিৰলৈ যোৱাৰ লগে লগে কপাল ফুলিল পাণ্ডিয়াৰ…

0 26

হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত অৱশেষত আই পি এল ২০২৪ত মুম্বাই ইণ্ডিয়ানছে লাভ কৰিছে প্ৰথমটো জয়। প্ৰথমতে একেৰাহে তিনিখন মেচত পৰাস্ত হৈ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত আই পি এল ২০২৪ৰ চতুৰ্থখন মেচত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো জয়। দেওবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ খেলখনত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে। হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত ২০২৪ চনৰ আই পি এলত একেৰাহে তিনিখন খেলত পৰাস্ত হৈছিল মুম্বাই ইণ্ডিয়ানছ। মুম্বাই ইণ্ডিয়ানছৰ ব্যৰ্থতাৰ পিছত হাৰ্দিক পাণ্ডিয়াক নিজৰ অধিনায়কত্ব বচাবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। ১ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত পৰাস্ত হোৱাৰ পিছত মুম্বাই ইণ্ডিয়ানছে প্ৰায় এসপ্তাহৰ বিৰতি লাভ কৰিছিল। এই বিৰতিৰ সময়তে হাৰ্দিক পাণ্ডিয়াই সোমনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল।

হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত অৱশেষত আই পি এল ২০২৪ত মুম্বাই ইণ্ডিয়ানছে প্ৰথমটো জয় লাভ কৰে। প্ৰথমতে একেৰাহে তিনিখন মেচত পৰাস্ত হৈ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত আই পি এল ২০২৪ৰ চতুৰ্থখন মেচত মুম্বাই ইণ্ডিয়ানছে প্ৰথমটো জয় অৰ্জন কৰে। দেওবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ খেলখনত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে।

২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো জয়ৰ পিছত হঠাতে অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে কয় যে সোমনাথ মন্দিৰ পৰিদৰ্শন কৰি হাৰ্দিক পাণ্ডিয়াই মহাদেৱৰ আশীৰ্বাদ লাভ কৰিছিল। দেওবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা আই পি এল মেচত জয়লাভ কৰাৰ পাছত হাৰ্দিক পাণ্ডিয়াই এটা পোষ্ট শ্বেয়াৰ কৰে। অনুৰাগীসকলে এই পোষ্টটোত মন্তব্য কৰি কৈছে যে এয়া মহাদেৱৰ শক্তি।

Leave A Reply