Breaking

‘এইয়া LOC নহয়,’ কেজৰিৱালক গৃহবন্দী নকৰা বুলি দিল্লী পুলিচে প্ৰকাশ কৰাৰ পিছত পুনৰ আপৰ টুইট

0 2,108

দিল্লী আৰক্ষীয়ে অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰিছে বুলি টুইটাৰৰ জৰিয়তে অভিযোগ কৰিছিল দিল্লীৰ শাসকীয় দল আম আদমি পাৰ্টিয়ে । ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে স্পষ্ট কৰিছিল যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰা হোৱা নাই আৰু আম আদমি পাৰ্টিয়ে কৰা দাবীবোৰ সম্পূৰ্ণৰূপে ভিত্তিহীন ।

এইবাৰ পুনৰ কেজৰিৱালৰ ঘৰৰ সন্মুখত বহু আৰক্ষী নিয়োগ কৰা ফটো টুইট কৰি অম আদমি পাৰ্টিয়ে কয় যে, “এয়া নিয়ন্ত্ৰণ ৰেখা (LOC) নহয়। এয়া মুখ্যমন্ত্ৰীৰ বাসভৱন। ভাৰতৰ ৰাজধানীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এইধৰনৰ ব্যৱহাৰৰ যোগ্য নেকি ? তেওঁৰ অপৰাধ ? তেওঁ ভাৰতৰ কৃষকসকলক সমৰ্থন কৰিছিল,”

দিল্লী পুলিচে আপৰ এই দাবী বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে। দিল্লীৰ বিশেষ চিপি সতিশ গোলছায়ে কয় যে কেজৰিৱালে তেওঁৰ সচৰাচৰ কাম-কাজবোৰ কৰি আছে আৰু তেওঁৰ বাসস্থানৰ পৰাও ওলাই গৈছে । “শান্তি বজাই ৰখা আৰু যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ অঞ্চলটোৰ পৰ্যাপ্ত নিৰাপত্তা আছে,” তেওঁ লগতে কয় যে কোনো নেতা বা ব্যক্তিৰ আন্দোলন প্ৰতিৰোধ কৰাৰ কোনো প্ৰচেষ্টা থাকিলে আৰক্ষীৰ হস্তক্ষেপ হ’ব।

আপৰ মুখ্য মুখপাত্ৰ সৌৰভ ভৰদৱাজে কয় “যি দিনা সমগ্ৰ দেশে ভাৰত বন্ধত কৃষকসকলক সমৰ্থন কৰি আছে, সেই দিনটোতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে দিল্লী আৰক্ষীক কেজৰিৱালক তেওঁৰ বাসস্থান ত্যাগ কৰিবলৈ নিদিয়াৰ বাবে অনুৰোধ জনাইছে। যোৱাকালি কেজৰিৱালে তেওঁৰ সকলো কেবিনেট সহকৰ্মীৰ সৈতে সিংঘু সীমান্তলৈ যোৱাৰ সময়ত প্রতিবাদকাৰী কৃষকসকলক লগ কৰিবলৈ গৈছিল, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভয় খাইছিল। কেজৰিৱালে দিল্লী আৰক্ষীক ৯খন ষ্টেডিয়াম কৃষকৰ বাবে অস্থায়ী কাৰাগাৰলৈ ৰূপান্তৰ কৰিবলৈ নিদিয়াত তেওঁলোক বিচলিত হৈ পৰাৰ দৰেই হৈছে “।

Leave A Reply