Breaking

বীৰ স্বহীদ সুনীল কলিতালৈ ‘পুলিচ পদক’ সন্মান

0 659

ৰঙিয়াৰ বীৰ স্বহীদ সুনীল কলিতালৈ আগবঢ়োৱা হয় ‘পুলিচ পদক’ সন্মান।দিল্লীত অনুষ্ঠিত CRPF ৰ ‘বীৰতা পদক বিজেতা সমাৰোহ’ত এই বঁটা প্ৰদান কৰা হয়।স্বহীদগৰাকীৰ হৈ এই বঁটা গ্ৰহণ কৰে পত্নী পদুমী কলিতাই।পুনৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে এই স্বহীদগৰাকীয়ে।শৌৰ্য আৰু পাৰদৰ্শিতা সেনালৈ আগবঢ়োৱা হয় এই সন্মান।


উল্লেখ্য যে ২০১৯ চনৰ ২৮ মে’ ত ঝাৰখণ্ডৰ চৰাইকিল্লাত অতব্য জংঘলত এক অভিযানত মাওবাদীয়ে আক্ৰমণ কৰিছিল CRPF বাহিনীৰ দলটোত। মাওবাদীৰ IED বিষ্ফোৰণত আহত হৈছিল সুনীল কলিতা। গুৰুতৰভাৱে আহত হোৱাৰ পিছতো মাওবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি উক্ত স্থানৰ পৰা মাওবাদীক খেদি পঠিয়াবলৈ সক্ষম হয় যদিও নিজৰ প্ৰাণ আহুতি দিয়ে বীৰ গৰাকীয়ে। সেনা বাহিনীত থাকি নিৰ্ভয়ে সমুখ সমৰৰ পৰা সন্ত্ৰাসবাদীৰ লগত যুঁজ দি নিজৰ পাৰদৰ্শিতা দেখুৱাৰ বাবে বীৰ স্বহীদ সুনিল কলিতালৈ আগবঢ়োৱা হ’ল এই বিশেষ সন্মান।

Leave A Reply