Breaking

এইবাৰ ৰেগিং কাণ্ডৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰই…

0 61

ৰাজ্যৰ উচ্চশিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘৃণনীয় ৰেগিং কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰা চাঞ্চল্যৰ ঢৌ মাৰ নাযাওঁতেই এইবাৰ পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ড। এইবাৰ এই ৰেগিং কাণ্ডৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰই দেওবাৰে বিশ্ববিদ্যালয়ৰ কেম্পাছৰ হোষ্টেলৰ দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই পৰাৰ এদিন পিছতে হোষ্টেল আবাসী জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা চৰম মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে জে বি কলেজৰ শিক্ষাৰ্থীগৰাকীয়ে।

ছাত্ৰজনে লগতে কয় যে ৰেগিঙৰ পৰা ৰেহাই নোপোৱাৰ বাবেই তেওঁ হোষ্টেলৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছিল। ইফালে মহাবিদ্যালয় হোষ্টেল ত্যাগ কৰি বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে এতিয়া ছাত্ৰগৰাকীৰ প্ৰয়োজনীয় খৰচ বহন কৰাটো তেওঁৰ পৰিয়ালৰ বাবে কঠিন হৈ পৰিছে বুলি প্ৰণৱ চুতীয়া নামৰ ছাত্ৰগৰাকীয়ে দুখ প্ৰকাশ কৰিছে।

ছাত্ৰগৰাকীৰ এই অভিযোগৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ উৎপল জ্যোতি মহন্তৰ সৈতে যোগাযোগ কৰা হয় যদিও তেওঁ এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

Leave A Reply