Breaking

এইবাৰ অখিল গগৈক উভতি ধৰিলে নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই

0 1,032

▶শিৱসাগৰৰ বিধায়ক অখিল গগৈ, সাংসদ ৰিপুণ বৰাই ইতিহাস নাজানি কথা কৈছে।

▶গ্ৰুপিঙক লৈ বুৰঞ্জীয়ে কি কৈছে, সেয়া অনুধাৱন কৰক।

▶গ্ৰুপিঙৰ ভয়াৱহতাৰ সময়ত শৰৎ চন্দ্ৰ বসু,শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৰিহনাৰ কথা বুৰঞ্জীয়ে কৈ থৈছে।

▶পুষ্পলতা দাসৰ গোপীনাথ বৰদলৈ শীৰ্ষক গ্ৰন্থতো দুয়োৰে অৰিহনাৰ বাবে অসম গ্ৰুপিঙৰ পৰা বাচিছিল বুলি স্পষ্ট কৰি থৈ গৈছে।

▶দেৱেশ্বৰ শৰ্মাই ‘হেৰাই যোৱা দিনবোৰ’ শীৰ্ষক আত্মজীৱনীতো একে কথা কৈ গৈছে।

▶গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘জৱাহৰলাল নেহৰু এণ্ড আছামছ্ প্ৰব্লেম’ গ্ৰন্থতো একে কথা লিখিছে।

▶বিজেপিয়ে আদৰ্শ হিচাপে যাক লৈছে সেয়া অৰিহনাৰ ভিত্তিতহে লৈছে।

▶অসমীয়া ভাষাক লৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ‘অসমীয়া ভাষা’ক আধুনিক স্নাতকোত্তৰত অন্তৰ্ভূক্ত কৰিছিল৷

▶যি কথা বিৰিঞ্চি কুমাৰ বৰুৱাই অঙ্কীয়া নাট গ্ৰন্থত উল্লেখ কৰি গৈছে৷

Leave A Reply