Breaking

হঠাৎ ধোনীৰ খং ! কেমেৰালৈ বটল দলিয়াব বিচাৰিলে এম এছ ধোনীয়ে , ভাইৰেল হৈ পৰিল ভিডিঅ’…

0 53

কেমেৰালৈ বটল দলিয়াব বিচাৰিলে এম এছ ধোনীয়ে, ভাইৰেল হৈ পৰিল ভিডিঅ’

খং প্ৰায় নুঠেই এম এছ ধোনীৰ । কিন্তু এ ইবাৰ ধোনীৰ খং উঠিল। লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ বিৰুদ্ধে চলি থকা খেলখনৰ সময়তে চেন্নাই চুপাৰ কিংছৰ প্ৰাক্তন অধিনায়কজনৰ এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে, য’ত তেওঁ বটল এটা কেমেৰালৈ মাৰিবলৈ উদ্যত হোৱা দেখা গৈছে। চেন্নাই চুপাৰ কিংছ আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ সময়ত এম এছ ধোনীৰ এই ভিডিঅ’ টো ভাইৰেল হৈ পৰাৰ পিছতে বহুতে নানা ধৰণৰ মতামত দিছে। ধোনীৰ অনুৰাগীসকলে এই ভিডিঅ’টো খুব ভাল পাইছে , কিয়নো অনুৰাগীসকলে এম এছ ধোনীৰ এনে ধৰণৰ ৰূপ খুব কমইহে দেখিবলৈ পায়। তেতিয়া চেন্নাই চুপাৰ কিংছৰ ইনিংছৰ ১৭ অভাৰত ৰিতুৰাজ গায়কৱাড় আৰু শিৱম দুবেই বেটিং কৰি আছিল।

চিএছকেৰ অধিনায়ক ৰিতুৰাজ গায়কৱাডে ৯৩ ৰাণত খেলি আছিল আৰু শতক অৰ্জন কৰাৰ দিশে আগবাঢ়িছিল। এক সাংঘাতিক ৰোমাঞ্চকৰ মুহূৰ্ত। সেই সময়তে কেমেৰামেনে ড্ৰেছিং ৰুমত উপস্থিত থকা এম এছ ধোনীৰ ফালে কেমেৰা ঘূৰাই দিছিল। টিভিত বাৰে বাৰে দেখুৱাই থকাৰ বাবে হয়তো ধোনীৰ খং উঠিছিল। ৰোমাঞ্চকৰ মুহূৰ্ত ত কেমেৰামেনে ধোনীৰ পিনে কেমেৰা ঘূৰাই দিয়াটো হয়তো ধোনীয়ে ভাল নাপালে আৰু তেওঁ এটা বটল তুলি লৈ কেমেৰাৰ ফালে দলিয়াই উদ্যত হ’ল ।

অনুৰাগীসকলে ধোনীক টিভিত দেখাৰ লগে লগে হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছিল। লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলখনত এম এছ ধোনীয়ে মাত্ৰ এটা বল খেলিবলৈ সুযোগ পাইছিল আৰু তেওঁ মাৰ্কাছ ষ্টইনিছৰ বলত এটা চাৰি মাৰিছিল। চেন্নাই চুপাৰ কিংছে ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই ২১০ ৰাণ সংগ্ৰহ কৰিছিল। গায়কৱাড় আই পি এল ইতিহাসত শতক অৰ্জন কৰা প্ৰথম চিএছকেৰ অধিনায়ক হৈছিল। তেওঁ ১২ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ৬০ টা বলত ১০৮ ৰাণ কৰি অপৰাজিত আছিল। আনহাতে, শিৱম দুবেই ৩টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ২৭ টা বলত ৬৬ ৰাণ সংগ্ৰহ কৰিছিল।

Leave A Reply