Breaking

নিৰ্বাচনী পুজি সংগ্ৰহৰ লক্ষৰে মাৰ্ঘেৰিটাৰ পিছতে এইবাৰ খাৰচাঙত আৰম্ভ হল চোৰাং কয়লাৰ বেহা

0 2,118

আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লক্ষ্যনীয় ভাবে বৃদ্ধি পাইছে চোৰাং কয়লাৰ সৰবৰাহ৷ নিৰ্বাচনী পুজি সংগ্ৰহৰ উদ্দেশ্যৰে বৰাক ব্ৰক্ষ্মপুত্ৰ সকলোতে এতিয়া চোৰাং কয়লা সৰবৰাহৰ ধূম উঠিছে৷ উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা পূৰ্ণদ্যমে চলা চোৰাং কয়লা সৰবৰাহে ব্যাপক চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ এইবাৰ আৰম্ভ হৈছে খাৰচাঙৰ কয়লাৰ সৰবৰাহ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ শ্ল’গান আওৰোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিধায়ক বলিন চেতিয়াৰ নেপথ্যত পুনৰ প্ৰান পাই উঠিছে অৰুনাচল প্ৰদেশৰ খাৰচাঙৰ চোৰাং কয়লাৰ ছিণ্ডিকেট৷ জিলাখনৰ অসম অৰুনাচল প্ৰদেশ সীমান্তৰ ডিৰাক গেট আৰু বৰডুমচা গেট এতিয়া খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহৰ প্ৰধান কৰিডৰত পৰিনত হৈছে৷ ডিৰাক গেট হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাকপথাৰ আৰক্ষী থানাৰ সন্মূখেৰে প্ৰতি নিশাই চলিছে অবৈধ কয়লাৰ সৰবৰাহ৷ সেইদৰে বৰডুমচা গেট আৰু অৰুনাচল প্ৰদেশ সীমান্তৰ আলুবাৰী- মহং পথেদি অসমত প্ৰবেশ কৰি ফিলবাৰী হৈ খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহ হৈছে৷ শদিয়া সমষ্টিৰ মহাপ্ৰতাপী বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠই আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি সম্প্ৰতি ট্ৰাকে ট্ৰাকে এইদৰে খাৰচাঙৰ চোৰাং কয়লা জিলাখনৰ ওপৰিও বিভিন্ন জিলাৰ বিভিন্ন ইটাভাটাসমূহলৈ সৰবৰাহ হৈছে৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই অতি ক্ষীপ্ৰতাৰে এইদৰে খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহ হৈ আহিছে যদিও কাৰ্যত প্ৰমানিত হোৱা নাছিল৷ কিন্তু যোৱা ২৩ ফেব্ৰুৱাৰীৰ নিশা কাকপথাৰত এখন দহচকীয়া চোৰাং কয়লা ভৰ্টি ট্ৰাকে এটা বাসগৃহত খুণ্ডিয়াই বাগৰি পৰাৰ পিছতেই এই সমস্ত কয়লাৰ কলা অধ্যায় পোহৰলৈ আহিছে৷ উক্ত দিনা নিশাৰ ভাগত খাৰচাঙৰ পৰা চোৰাং কয়লা কঢ়িয়াই বৰডুমচাৰ উপ পথেৰে আহি কাকপথাৰত উপস্থিত হৈছিলহি তিনিখনকৈ চোৰাং কয়লা পৰিবাহী ট্ৰাক৷ ট্ৰাককেইখনৰ নম্বৰ আছিল এ এছ – ০১ ডি ডি ৪১৯৮, এ এছ ০৩ এ চি ৩৬১২ আৰু এ এছ ০৩ এ চি ৪১৮৮৷ অঞ্চলটোত চোৰাং কয়লা পৰিবাহী ট্ৰাকৰ উপস্থিতিৰ উমান পাই এটা বিশেষ সংগঠনৰ একাংশ সদস্যই ট্ৰাককেইখন ধৰি ধন দাবী কৰাৰ উদ্দশ্যৰে চোচা লোৱাত তিনিচুকীয়াৰ দিশলৈ নগৈ পুনৰ ডিৰাক গেটৰ দিশে পলায়ন কৰিবলৈ চেষ্ঠা কৰে৷ দ্ৰুতগতিৰে পলায়ন কৰা ট্ৰাককেইখনৰ ভিতৰত এ এছ ০১ ডি ডি ৪১৯৮ নম্বৰৰ দহচকীয়া ট্ৰাকখন ন- মাইথং গাৱৰ সুলভ মূল্যৰ সামগ্ৰীৰ দোকানী বিশ্বেশ্বৰ গগৈৰ বাসগৃহতে বাগৰি পৰে৷ উক্ত দুৰ্ঘটনাত বিশ্বেশ্বৰ গগৈৰ পৰিয়াল কথমপি ৰক্ষা পৰে যদিও ঘৰটো সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰাৰ লগতে হাঁহ, কুকুৰা, চাগলী কয়লাত পোত যায়৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনৰ লগতে বাকী ট্ৰাকদুখনো জব্দ কৰে৷ অঞ্চলটোত সম্প্ৰতি কাঠ, কয়লাৰ কোনো ছিণ্ডিকেট নাই বুলি  নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্ঠা কৰা বহু বিতৰ্কিত বিধায়ক বলিন চেতিয়াৰ সমষ্টিত যে পুনৰাই চোৰাং কয়লাৰ ছিণ্ডিকেট পূৰ্ণদ্যমে চলিছে কাৰ্যত সেয়া পুনৰ প্ৰমানিত হল৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰ্তমানে নিৰ্বাচনী পুজি সংগ্ৰহৰ উদ্দেশ্যৰে অঞ্চলটোত ধূম ধামেৰে চোৰাং কাঠ- কয়লাৰ সৰবৰাহ তীব্ৰত্বৰ হৈছে৷ উন্নয়নৰ নামত সমষ্টিবাসীক ৰাম ঠগন দিয়া বলিন চেতিয়াই প্ৰতিবাৰেই বৃহৎ পৰিমানৰ ধন ব্যয় কৰি নিৰ্বাচনত জয়লাভ কৰি আহিছে৷ পুৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বলিন চেতিয়াই এইবাৰো ধনবল আৰু বাহুবল প্ৰদৰ্শন কৰি নিৰ্বাচনী বৈতৰনী পাৰ কৰাৰ ৰন কৌশল প্ৰস্তুত কৰিছে ৷ মন কৰিবলগীয়া যে, ডিগবৈৰ কুখ্যাত কয়লা মাফিয়া সত্যনাৰায়ন আগৰৱালা আৰু গুৱাহাটীৰ কুখ্যাত কয়লা মাফিয়া নৱীন সিংঘালৰ নেতৃত্বত বিগত কেইবা বছৰ ধৰি অৰুনাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাঙত অৰুনাচল প্ৰদেশৰ কেইগৰাকীমান মন্ত্ৰী, বিধায়ক আৰু প্ৰশাসনৰ সহযোগত ধূম ধামেৰে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ হৈ আহিছিল৷ ২০১৯ চনলৈকে খাৰচাঙৰ সমস্ত চোৰাং কয়লা জিলাখনৰ জাগুন হৈ মাৰ্ঘেৰিটাৰ মাজেৰে সৰবৰাহ হৈ আহিছিল, যদিও ২০২০ চনত  দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে মাৰ্ঘেৰিটাৰ চোৰাং কয়লাৰ বেহা প্ৰায় স্তব্ধ হৈ পৰিছিল৷ তেনেস্থলত মাৰ্ঘেৰিটাৰ মাজেৰে খাৰচাঙৰ কয়লা সৰবৰাহ বন্ধ হৈ পৰাত ছিণ্ডিকেট চক্ৰই কাকপথাৰৰ ৰাজপথটো বাচি লৈছিল৷ ২০২০ চনত বিধায়ক বলিন চেতিয়াৰ পৃষ্ঠপোষকতাতেই সন্ধিয়াৰে পৰা পুৱতি নিশালৈকে শ শ চোৰাং কয়লা পৰিবাহী ট্ৰাক, ট্ৰেলাৰে কাকপথাৰৰ ৰাজপথ কপোৱাৰ কথা সৰ্বজনবিদিত৷ আৱশ্যে সেই সময়ত সংবাদমাধ্যমযোগে ধাৰাবাহিকভাবে খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহৰ বাতৰি সম্প্ৰচাৰ হোৱাত অৰুনাচল প্ৰদেশ প্ৰশাসনে এই ক্ষেত্ৰত তৎপৰতা দেখোৱাই বহুকেইটা অবৈধ কুক কল ভাটা উচ্ছেদ কৰা হৈছিল৷ মন কৰিবলগীয়া যে, মাটি খাণ্ডিলেই কয়লা ওলোৱা খাৰচাঙত বৰ্তমানেও হাজাৰ হাজাৰ টন অবৈধ কয়লা খাণ্ডি থোৱা অৱস্থাত আছে৷ ৰাজ্যত আগন্তুক অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষনত এতিয়া এইদৰেই খাৰচাঙৰ চোৰাং কয়লাৰ ছিণ্ডিকেট চলাই লাভ কৰা ধনেৰে নিৰ্বাচনী বৈতৰনী পাৰ কৰাৰ সপোন ৰচিছে বিভিন্নজনে৷

Leave A Reply