Breaking

এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা : নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰ

0 1,218

⚫এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা

⚫নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰ

⭕নতুন পৰিকল্পনা আৰু কৌশলেৰে আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা।
⭕শীঘ্ৰেই কংগ্ৰেছৰ হাতত ধৰিব দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰে।
⭕কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীয়ে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
⭕দেশৰ আটাইতকৈ চৰ্চিত, প্ৰভাৱশালী আৰু সফল ৰাজনৈতিক কৌশল নিৰ্ধাৰক বুলি পৰিচিত প্ৰশান্ত কিশোৰে ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে জুলাই মাহত কেইবালানি আলোচনাত অংশ লৈছে।
⭕ছোনিয়া গান্ধীৰ সিদ্ধান্তই এইক্ষেত্ৰত শেষ সিদ্ধান্ত হ’ব।
⭕অৱশ্যে একাশ জ্যেষ্ঠ নেতাই এই সিদ্ধান্তক বিৰোধ কৰা বুলি জানিব পৰা গৈছে।
⭕অৱশ্যে এগৰাকী পৰামৰ্শদাতাৰ সন্ধানত থকা ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰক তেওঁৰ কাষত ৰাখি ২০২৪লৈ শক্তিশালীভাৱে আগবঢ়াৰ পোষকতা কৰাৰে সম্ভাৱনা অধিক বিবেচিত হৈছে।

Leave A Reply