Breaking

এইবাৰ আকচাই চিনত ৰঙা চীনে সুৰংগ নিৰ্মাণ কৰি থকাৰ ছবিকলৈ বৃদ্ধি পাইছে উদ্বেগ…

0 73

চীনে শেহতীয়াকৈ ভাৰতৰ অৰুণাচল আৰু আকচাই চিনক সামৰি প্ৰকাশ কৰা নতুন মানচিত্ৰই ভাৰতক উত্তেজিত কৰি তোলাৰ সময়তে আন এক ভয়াৱহ কথা পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰা বেইজিঙে দাবী লগতে কৈছে যে আকচাই চিনো তেওঁলোকৰেই । ইয়াৰ মাজতে আন এক চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে। এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, চীনা সেনাই উত্তৰ লাডাখৰ পৰা ৬০ কিলোমিটাৰ পূবত থকা ডেপচাং অঞ্চলৰ ভূগৰ্ভত সুৰংগ খনন কৰি আছে । সেই ’এলেকাৰ সংকীৰ্ণ নদী উপত্যকাত চীনে সেনা শিবিৰ নিৰ্মাণ কৰাৰ কথাও পোহৰলৈ আহিছে। উল্লেখ্য সেই অঞ্চলটো আকচাই চিনৰ অন্তৰ্গত।আন্তৰ্জাতিক বিশেষজ্ঞসকলৰ মতে, অঞ্চলটোত নদীৰ দুয়োফালে কমেও ১১ টা সুৰংগ পোৱা গৈছে। চীনে যোৱা কেইমাহমানধৰি ইয়াত ঘাটি নিৰ্মাণ কৰিছে। এই কথাও ধাৰণা কৰা হৈছে যে চীনে অঞ্চলটোত ভাৰতীয় সেনাৰ কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবেই চীনে এই পদক্ষেপ গ্ৰহণ কৰিছে।


ইফালে, চীনৰ শেহতীয়াকৈ হোৱা মানচিত্ৰ বিতৰ্ক সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছে যে চীনৰ এনে বিভ্ৰান্তিকৰ মানচিত্ৰ প্ৰকাশ কৰাৰ অভ্যাস পুৰণি । তেওঁ কয় “মানচিত্ৰখন এনেদৰে সলনি কৰিলেই বাস্তৱত একো নহ’ব,। সেই ভূমি ভাৰতৰ, ই ভাৰতৰ হৈয়ে ৰ’ব।” তেওঁ লগতে কয় “চীনে ইয়াৰ মানচিত্ৰত এনে অঞ্চল অন্তৰ্ভুক্ত কৰিছে যিবোৰ তেওঁলোকৰ নহয়। এয়া তেওঁলোকৰ পুৰণি অভ্যাস। ভাৰতীয় ভূখণ্ডক চীনৰ মানচিত্ৰত ৰাখিলেই একো সলনি নহয়। আমাৰ চৰকাৰ দেশৰ সীমাৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত। ” উল্লেখ্য চীনে ২৮ আগষ্টত দেশখনৰ এখন নতুন চৰকাৰী মানচিত্ৰ মুকলি কৰিছে।এই মানচিত্ৰত চীনে অৰুণাচল প্ৰদেশক তেওঁলোকৰ নিজৰ বুলি দাবী কৰিছে। কেৱল সেয়াই নহয়, সমগ্ৰ দক্ষিণ চীন সাগৰ আৰু টাইৱানক চীনৰ মূল ভূখণ্ড হিচাবে দেখুওৱা হৈছে। নতুন মানচিত্ৰত চীনে অৰুণাচলক ‘দক্ষিণ তিব্বত’ বুলি দাবী কৰিছে ৷ চীনে লগতে দাবী কৰিছে যে অৰুণাচল চীনৰ এক অবিচ্ছেদ্য অংশ। বিশ্লেষকসকলৰ মতে চীনে ২০৩৫ ৰ পৰা ২০৪০ চনৰ ভিতৰত অঞ্চলটো দখল কৰাৰ যি পৰিকল্পনা সেয়া সম্পূৰ্ণ কৰিব বিচাৰি আছে। নতুন মানচিত্ৰ তাৰেই আখৰা বুলিও বহুতে মন্তব্য কৰিছে৷চীনৰ এনে আগ্ৰাসী মনোভাৱৰ বাবেই ভাৰতৰ বেছিভাগ সামৰিক তৎপৰতা এতিয়া চীন-কেন্দ্ৰিক হৈ পৰিছে। সীমান্তত চীনা সেনাৰ উপস্থিতিয়ে উদ্বেগ বৃদ্ধি কৰিছে। লক্ষণীয় যে চীনৰ মানচিত্ৰত দক্ষিণ চীন সাগৰৰ পৰা অৰুণাচললৈকে চীনে নিজৰ বুলি দাবী কৰিছে।

Leave A Reply