Breaking

মেচৰ পূৰ্বে বিৰাট কোহলীৰ ভিডিঅ’ চাই এইগৰাকী মহিলা ক্ৰিকেটাই…

0 26

বৰ্তমান মহিলাৰ আই পি এল অৰ্থাৎ মহিলা প্ৰিমিয়াৰ লীগ (WPL 2024) হৈছে আছে। প্ৰতিযোগিতাখনৰ প্ৰায় আধা অৰ্থাৎ ১০খন মেচ খেলা হৈছে। বৰ্তমান পইণ্ট তালিকাত শীৰ্ষ স্থানত আছে দিল্লী কেপিটেলছৰ দল। মেগ লেনিনৰ অধিনায়কত্বত থকা দিল্লীয়ে ৪খন খেলৰ ভিতৰত ৩খন খেলত জয়লাভ কৰিছে। ইফালে দিল্লী কেপিটেলছৰ এগৰাকী খেলুৱৈয়ে প্ৰকাশ কৰে যে তেওঁ প্ৰতিখন মেচৰ পূৰ্বে বিৰাট কোহলীৰ ‘Aggression’ ভিডিঅ’ চায়। কিন্তু কিয় চাই জানেনে-

মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছৰ হৈ খেলা ৰাধা যাদৱে প্ৰতিখন খেলৰ পূৰ্বে ইউটিউবত বিৰাট কোহলীৰ Aggression ভিডিঅ’ চাই। সতীৰ্থ খেলুৱৈ জেমিমা ৰড্ৰিগেছৰ সৈতে কথা পাতি ৰাধাই কয় যে বিৰাট কোহলী তেওঁৰ মূৰ্তি আৰু প্ৰতিখন মেচৰ আগতে তেওঁৰ ভিডিঅ’ চায়, যিয়ে তেওঁক অনুপ্ৰাণিত কৰে।

ৰাধা যাদৱৰ সৈতে কথা পাতি থাকোঁতে জেমিমাই প্ৰশ্ন কৰে, “মই ৰাধাৰ ইউটিউব হিষ্ট্ৰী চাই আছিলো, তাৰ পিছত টপ চাৰ্চত ‘বিৰাট কোহলীৰ আক্ৰমণাত্মক ভিডিঅ’ দেখিছিলো।” ইয়াৰ আঁৰৰ কাহিনী কি?

উত্তৰত ৰাধাই কয়, “বিৰাট কোহলী মোৰ প্ৰেৰণা। প্ৰতিখন মেচৰ আগতে মই তেওঁৰ ভিডিঅ’ চাওঁ আৰু তেওঁ মোক বহুত প্ৰেৰণা দিয়ে।”

মন কৰিবলগীয়া যে মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছে যেন উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এতিয়ালৈকে সকলো দলে প্ৰতিযোগিতাখনত ৪-৪ খন লীগ মেচ খেলিছে। দিল্লী আৰু মুম্বাইৰ দলে এই পৰ্যন্ত ৩-৩ মেচত জয়লাভ কৰিছে। অৱশ্যে নেট ৰান ৰেট উন্নত হোৱাৰ বাবে দিল্লী শীৰ্ষ স্থানত আছে।

Leave A Reply