Breaking

এইবাৰ IPL খেলা হ’ব আটক ধুনীয়া নতুন ষ্টেডিয়ামতঃ ক’ত বনোৱা হৈছে এই ‌ক্ৰিকেট ষ্টেডিয়াম?

0 68

এইবাৰ নতুন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পাৰে আই পি এল । শেহতীয়াকৈ পঞ্জাৱ ক্ৰিকেট সন্থাই মল্লনপুৰত এখন আটকধুনীয়া নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিছে । তাত অনুষ্ঠিত হ’ব পাৰে IPLৰ মেচ ।

এইবাৰ পঞ্জাৱ কিংছে সেই খেলপথাৰতে নিজৰ ঘৰুৱা মেচ খেলিব পাৰিব । পঞ্জাৱ কিংছৰ বিষয়ববীয়াসকলে এই ষ্টেডিয়ামখন পৰিদৰ্শন কৰিছে । অৱশ্যে আনুষ্ঠানিক ভাবে এতিয়াও কোনো কথা ঘোষণা কৰা নাই। যদিও পঞ্জাৱ কিংছ দলে এই সম্পৰ্কে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই, তথাপিও দলটোৰ এক্স প্লেটফৰ্মত মল্লনপুৰ ষ্টেডিয়ামৰ এটা ভিডিঅ’ পোষ্ট কৰা হৈছে ।

উল্লেখ্য যে এতিয়া পঞ্জাৱ কিংছ দলৰ ঘৰুৱা খেলপথাৰ মোহালি । কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । কোৱা হৈছিল যে মুল্লানপুৰত ভাৰত আৰু আফগানিস্তানৰ মাজত টি- টুৱেণ্টী মেচৰ আয়োজন কৰা হ’ব । অৱশ্যে সেয়া শেষ মূহুৰ্তত নহ’লগৈ ।

পঞ্জাৱ ক্ৰিকেট সন্থা চমুকৈ পি চি এৰ সম্পাদকগৰাকীয়ে এটা ৱেবছাইটযোগে কয় যে ক্ষেত্ৰখনৰ কিছু অংশত এতিয়াও কাম বাকী আছে । সেয়ে আফগানিস্তানৰ খেলখন মোহালিত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Leave A Reply