Breaking

বোকাজান আৰক্ষীৰ নেতৃত্বত নাগালেণ্ড, মণিপুৰৰ সহস্ৰাধিক লোক অসমত প্ৰৱেশ

0 178

বোকাজান

দেশত তৃতীয় লক ডাউন পূৰ্ণ গতিত অব্যাহত থকাৰ সময়ত ৰাজ্যৰ আন্তঃৰাজ্যিক সীমান্ত খুলি দিয়াত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত যোৱা দেওবাৰৰ পৰা মঙলবাবকে তিনিটা দিনত অসমৰ বিভিন্ন প্ৰান্তৰ প্রায় ১১০০ লোকে প্ৰৱেশ কৰে। বিভিন্ন কাৰণত নাগালেণ্ড, মণিপুৰত আশ্ৰয় লোৱা এইসকল লোক লকডাউনৰ বাবে আবদ্ধ হৈ আছিল। বোকাজান মহকুমা আৰক্ষী বিষয়া জ’ন দাসৰ  নেতৃত্বত খটখতি আৰক্ষী থানাৰ আৰক্ষীয়ে দিনে নিশাই সীমান্তত নিষ্ঠাৰে নিজৰ কৰ্তব্য অব্যাহত ৰাখি এই সকল লোকক স্বাস্থ্য পৰীক্ষা কৰাই হাতত ষ্টাম্প মাৰি স্বগৃহলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে। উল্লেখযোগ্য যে অসমৰ পৰা বৰ্হিৰাজলৈ যাবলগীয়া যিকোনো লোকৰ অনুমতি পত্ৰ উলিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’লে তেওঁলোকক প্ৰয়োজনীয় অনুমতি পত্ৰ যোগান ধৰাৰ বাবে বোকাজান মহকুমা আৰক্ষীয়ে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Leave A Reply