Breaking

দুধনৈৰ ৰাজপথত সহস্ৰাধিক প্ৰতিবাদকাৰীৰ জোৰ সমদল…

0 1,068

দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি পালন নকৰা তথা ৰাভা হাছং এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অমীমাংসিত সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি যৌথ সংগ্ৰামৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত পাঁচটা বছৰ আৰু চলিত চৰকাৰৰ প্ৰায় এটা বছৰত ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যাৰ লগতে মূলত ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে  আজিৰে পৰা ২৬ মে’ লৈকে প্ৰায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ঘোষিত আন্দোলনৰ কাৰ্যসূচী মতে আজি গোৱালপাৰা জিলাৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জোঁৰ সমদল উলিওৱাৰ লগতে দুধনৈতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আজি সন্ধিয়া ৬ বজাৰ লগে লগে দুধনৈস্থিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাংগণৰ পৰা জোৰ সমদল উলিওৱা হয়।

জোৰ সমদল কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিৰঞ্জন ৰাভাই। হাতে হাতে জোৰ লৈ প্ৰতিবাদকাৰী সকলে ‘আমাক ষষ্ঠ অনুসূচী লাগিবই’, ‘আমাৰ দাবী মানিবই লাগিব’, ‘যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ’, ‘আৰছু লং লিভ,’  ‘ষষ্ঠ অনুসূচী দাবী সমিতি লং লিভ’, ‘ৰাভা বিৰোধী হুচিয়াৰ, ‘ৰাভা ঐক্য জিন্দাবাদ’, No Sixth Schedule, No Rest আদি শ্লোগানেৰে দুধনৈৰ আকাশ বতাহ মুখৰিত কৰি তোলে। সহস্ৰাধিক পুৰুষ মহিলাৰ অংশগ্ৰহনেৰে উলিওৱা সমদলটি ষষ্ঠ অনুসূচী দাবী সমিতিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি নিউ দুধনৈৰ হৰি মন্দিৰ হৈ আগুৱাই খেলাৰাম মন্দিৰৰ সন্মুখেৰে দামৰা ৰাস্তাৰে গৈ ঠেকাচু, উদয়পুৰ, সাপ্তাহিক বজাৰ, শান্তিপূৰ, কলেজ ৰোড হৈ পুনৰ কাৰ্যালয়ত উপস্থিত হয়। উল্লেখযোগ্য যে ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰণৰ বাবে সুদীৰ্ঘ বছৰেও অসম চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে যোৱা ২২ মাৰ্চত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।

কাৰ্য্যসূচী অনুসৰি অহা ৬ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে জয়ৰামকুচিৰ পৰা ধূপধৰালৈকে চাইকেল ৰেলী, ২২ এপ্ৰিলত গোৱালপাৰা জিলাৰ শোলমাৰী, দুধনৈ, ধুপধৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখলৰ কাৰ্য্যসূচী ৰূপায়ণ, ২৬ এপ্ৰিলৰ পৰা ২২ মে লৈকে জিলাখনৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জনসম্পৰ্ক যাত্ৰা, ২৪ মেৰ পৰা ২৬ মেলৈ জয়ৰামকুচিৰ পৰা ধূপধৰালৈকে বাইক ৰেলী উলিওৱা হব। আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি সংগঠন কেইটাৰ নেতৃত্বই  ইতিমধ্যে কৈছে যে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আমাৰ এই আন্দোলন, এই আন্দোলনৰ পিছতো যদি বিজেপি চৰকাৰখনে দাবী বা সমস্যা সমূহ সমাধানত গুৰুত্ব প্ৰদান নকৰে তেন্তে অনাগত সময়ত চৰকাৰী কাৰ্যালয়ৰ সমুখত ধৰ্ণা, সৰ্বাত্মক গোৱালপাৰা জিলা বন্ধ আৰু অৰ্থনৈতিক পথ অৱৰোধৰ দৰে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে তিনিওটা জিলা ৰাভা সংগঠনে ৷

Leave A Reply