Breaking

দক্ষিণ ৰাংছালীত কণ্ঠশিল্পী ৰূপন দাসৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘূৰাই ঘূৰাই নাছিলে উৰে নিশা…….

0 86

দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাস ।দ্বীপজ্যোতি সাংস্কৃতিক আৰু ক্ৰীয়া সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন ।দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাসৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘুৰাই ঘুৰাই নাছিলে উৰে নিশা ।

ৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য । বিহালী সমষ্টিৰ দক্ষিণ ৰাংছালীৰ ৩১ তৰ্ম ৰঙালী বিহু মঞ্চত নিশা প্ৰাণ ঢালি গীত পৰিবেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাসে । দাসৰ গীতত ককাল ঘুৰাই ঘুৰাই নাচালে হাজাৰ হাজাৰ দৰ্শকে। প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান চাবলৈ বিহালী বিশ্বনাথৰ বিভিন্ন স্থানৰ অনুৰাগীৰ উপস্থিত হল দক্ষিণ ৰাংছালীত।

উল্লেখযোগ্য যে অসম চৰকাৰৰ পৰা ১লাখ ৫০ হাজাৰ টকা আৰ্থিক মাননি লাভ কৰা দক্ষিণ ৰাংছালী ৰঙালী বিহু উদযাপন সমিতি দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ ৰাংছালী খেল- পথাৰত সাংস্কৃতিক সন্ধ্যা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় সুকলেমে।

দুদিনীয়াকৈ আয়োজিত উক্ত বিহু সন্মিলনৰ সভাপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰা বিশ্বনাথৰ বিহালী যুৱ সাংবাদিক শ্ৰীমন্ত দাসে ৰাইজৰ সহায় সহযোগিতা লগতে গাৱঁৰ ৰাইজে অনুষ্ঠানটো যি শান্তিপূৰ্ণ শৃংখলা বজাই ৰাখি সফল কৰাত সহায় কৰালে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে সভাপতি শ্ৰীমন্ত দাসে।

আনহাতে সম্পাদক হিচাপে দায়িত্ব ভাৰ লৈ প্ৰাক্তন ছাত্র মুক্তিৰ নেতা তুল তুল দাসে ও ৰাইজক ধন্যবাদ জনাই। ইফালে বিহুখনত সহায় সহযোগীতা কৰাৰ লগতে উক্তপুত ভাৱে জড়িত থাকে বিশ্বনাথ জিলা মহকুমা অনুসূচীত জাতীৰ উন্নয়ন ৱৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ দাসক এই অনুষ্ঠানতে আদৰণি জনাই বিহু উদযাপন সমিতিয়ে ।

যোৱা নিশা সামৰণি কাৰ্য্যসূচীত অজস্ৰ বিহু প্ৰেমি ৰাইজৰ সমাগম দেখা লগতে বিহুগীতৰ চন্দ , ঢোল , পেপা , গগনাৰ সুৰীয়া মুৰ্চনাই জিপাল কৰি তুলিছিল সমগ্ৰ দক্ষিণ ৰাংছালী ।

Leave A Reply