Breaking

দুই মেইটেই যুৱকক অপহৰণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মণিপুৰৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ শিক্ষাৰ্থী। আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছৰ প্ৰত্যাক্ৰমণত আহত ৪৫ গৰাকী শিক্ষাৰ্থী…

0 25

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। জুলাই মাহতে অপহৃত হোৱা দুজন যুৱকৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ আজি ইম্ফলৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ শিক্ষাৰ্থী । উত্তেজিত ছাত্ৰসকলক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ লগতে লাঠীচালনাও কৰে। ফলত ৪৫ জন শিক্ষাৰ্থী গুৰুতৰ ভাবে আহত হয়।আঘাতপ্ৰাপ্তসকলৰ ভিতৰত বেছিভাগেই ছাত্ৰী বুলি জানিব পৰা গৈছে। ছ’চিয়েল মিডিয়াত যুৱক দুজনৰ মৃতদেহৰ ফটো প্ৰচাৰ হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী সমদল উলিয়াইছিল। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ মুখামুখি হৈছিল আৰু আৰক্ষীয়ে তেওঁলোকক মুখ্যমন্ত্ৰীৰ সচিবালয়ত উপস্থিত হোৱাত বাধা দিবলৈ চেষ্টা কৰিছিল। এই ঘটনাত আহত প্ৰতিবাদকাৰীসকলক বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে কেন্দ্ৰকমণিপুৰ প্ৰসংগত “নিষ্ক্ৰিয়তাৰ” বাবে সমালোচনা কৰি কয় -মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰই নিজকে লজ্জিত অনুভৱ কৰিব লাগে। তেওঁ যে মণিপুৰত শিশুসকল জাতিগত হিংসাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে আৰু তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য।


তেওঁ এক্সত লিখিছে “মণিপুৰৰ পৰা অধিক ভয়াৱহ খবৰ আহি আছে। শিশুসকল জাতিগত হিংসাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে। তেওঁলোকক সুৰক্ষা দিবলৈ আমি যিমান পাৰো সেয়া কৰাটো আমাৰ কৰ্তব্য। মণিপুৰত সংঘটিত ভয়ংকৰ অপৰাধবোৰৰ কথা প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ, তথাপিও সেয়া অবিৰতভাৱে অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছে।” ইপিনে অপহৰণ কৰি নি হত্যা কৰা দুজন শিক্ষাৰ্থীক ফিজাম হেমজিত (২০) আৰু হিজাম লিন্থোইঙ্গাম্বি (১৭) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক জুলাইৰ পৰা সন্ধানহীন হৈ আছিল। মণিপুৰ চৰকাৰে সোমবাৰে নিশা এক বিবৃতি জাৰি কৰি কৈছিল যে অপহৰণৰ গোচৰটো ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)লৈ স্থানান্তৰ কৰা হৈছে। চৰকাৰী বিবৃতিটোত কোৱা হৈছিল, “ৰাজ্যিক আৰক্ষীয়ে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ সহযোগত তেওঁলোকৰ নিৰুদ্দেশ হোৱাৰ পৰিস্থিতি নিৰ্ধাৰণ কৰিবলৈ আৰু ছাত্ৰ দুজনক হত্যা কৰা অপৰাধীসকলক চিনাক্ত কৰিবলৈ গোচৰটোৰ সক্ৰিয় তদন্ত কৰি আছে। নিৰাপত্তাৰক্ষীয়ে অপৰাধীসকলক ধৰিবলৈ তালাচী অভিযানো আৰম্ভ কৰিছে।”

Leave A Reply