Breaking

লাহদৈগড় আৰক্ষীৰ জালত আইপিএল সদৃশ খেলৰ নামত বৃহৎ জুৱা, মোবাইল এপৰ জড়িয়তে জুৱা চলোৱা তিনি এজেণ্ট গ্ৰেপ্তাৰ

0 1,061

যোৰহাটত জিলা লাহদৈগড় আৰক্ষীয়ে এইবাৰ আই পি এল সদৃশ খেলৰ নামত বৃহৎ জুৱা চক্ৰ উৎখাট কৰিছে। লাহদৈগড় আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ এজেণ্ট। লাহদৈগড় আৰক্ষীৰ অভিযানত মেলেং মধুপুৰৰ পৰা  দিপু দাস, অচিন্ত বৰাৰ লগতে আৰু এজন এজেণ্ট পৰিছে আৰক্ষীৰ জালত।বৰ্তমান  আটকাধীন  এজেণ্টৰ পৰা এটুকুৰা হাতীৰ দাঁত, তিনিটা জুৱা খেলত ব্যৱহৃত ম’বাইল ফোন আৰু ১৮ হাজাৰ ৩৩০ টকা নগদ ধন জব্দ কৰিছে।ফান এপ (FAN AAP) নামৰ এটা ম’বাইল এপৰ জড়িয়তে বিদেশৰ কোনো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ থকা খেলৰ নামত  এই জুৱা চলি আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে অসমৰ বিভিন্ন নগৰ-চহৰ,  গাঁৱে-ভূঞে  শিপাইছে এই জুৱা।ইতিমধ্যে আৰক্ষীয়ে ৩৫৪/২১ নম্বৰত গোচৰ ৰুজু কৰিছে। ধৃত তিনিওকে আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে দুজনক আৰক্ষীৰ জিন্মাত লোৱা বুলি জানিব পৰা গৈছে

Leave A Reply