Breaking

লাহোৱাল আৰক্ষীৰ গাঞ্জাসহ তিনিজনক আটক

0 532

 ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষীয়ে নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই ডিকম হেজেলবেঙ্ক পমাৰতলীত গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাত দুৰ্গা তাঁতী আৰু সেৱন কৰি থকা অৱস্থাত বিশাল বেদিয়া আৰু মনোজ গোৱালা নামৰ মুঠ তিনিজনক হাতেলোটে আটক কৰি বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি গাঞ্জা ব্যৱসায় চলাই গৈছিল ধৃত দুই অসাধু ব্যৱসায়ীয়ে। লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত চলিছিল এই অভিযান। ইতিমধ্যে আৰক্ষীয়ে তিনিজনৰ বিৰুদ্ধে146/2021 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 20{ b}{ ii) (B) 27 ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।

Leave A Reply