Breaking

জেহাদীৰে যোগসূত্ৰ আছে মিঞা পৰিষদৰ দুই নেতাৰ লগতে তানু ধাদুমিয়াৰ-নলবাৰী আৰক্ষী অধীক্ষকে

0 62

সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে।

মিঞা মিউজিয়াম স্থাপনক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক। ইতিমধ্যে গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপন কৰা অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলী আৰু উপ–সভাপতি আব্দুল বাতেনক গোৱালপাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত নিশাই দুয়োকে নলবাৰী সদৰ আৰক্ষী থানালৈ লৈ অহা হয়।

আনহাতে, এই মিঞা মিউজিয়ামৰ উদ্বোধক তানু ধাদুমিয়াকো গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে নলবাৰীলৈ। সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে। ইফালে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকে তিনিওজনৰে কিছুদিন পূৰ্বে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন জেহাদীৰে যোগসূত্ৰ পোৱা বুলি জনাইছে সংবাদ মাধ্যমক।

Leave A Reply