Breaking

সৰ্বভাৰতীয় শিশু শিক্ষামূলক ই-কন্টেন্ট প্ৰতিযোগিতা”ত অসমৰ তিনিগৰাকী শিল্পীলৈ ৰাষ্ট্ৰীয় বঁটা

0 135

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু কেন্দ্ৰীয় শিক্ষা প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধীনত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ত “সৰ্বভাৰতীয় শিশু শিক্ষামূলক ই-কন্টেন্ট প্ৰতিযোগিতা ২০২২-২০২৩”ৰ ফলাফল ২৭ মাৰ্চ তাৰিখে নতুন দিল্লীৰ শ্ৰীঅৰবিন্দ মাৰ্গত ঘোষনা কৰা হয়।

“সৰ্বভাৰতীয় শিশু শিক্ষামূলক ই-কন্টেন্ট প্ৰতিযোগিতা”ত অসমৰ তিনিগৰাকী শিল্পীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, ভাৰত চৰকাৰৰ অধীনৰ মেঘালয়ৰ উমিয়ামত থকা উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ড° তুলিকা দেৰ প্ৰযোজনাত আৰু ৰাহুল চেটাৰ্জীৰ “ছাউণ্ড – হোৱাত ইট ইছ এণ্ড হাওঁ ইট ইছ প্ৰদুউচড?” শীৰ্ষক ভিডিঅ’ ইকন্টেন্টত পৰিৱেশিত পুতলা সঞ্চালনৰ বাবে শ্ৰেষ্ঠ পুতলা শিল্পী বঁটা পায় বিনীতা দেৱী আৰু সীমান্ত শৰ্মাই।

লগতে কংকন কিশোৰ দত্তৰ “এটোম- কনসেপ্ত এণ্ড ষ্ট্ৰাকচাৰ” ভিডিঅ’ ইকন্টেন্টত শ্ৰেষ্ঠ ভিডিঅ গ্ৰাফিক্স বঁটা পায় মাইনুদ্দিন আহমেদে। বঁটা প্ৰদান কৰে আই চি এছ এছ আৰৰ অধ্যক্ষ পদ্মশ্ৰী ড° জে.কে বাজাজ, এনচিইআৰটি সচিব অধ্যাপক প্ৰত্যুষ কুমাৰ মণ্ডল আৰু এনচিইআৰটিৰ যুটীয়া সঞ্চালকঅধ্যাপক শ্ৰীধৰ শ্ৰীবাস্তৱে।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠান সমূহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

Leave A Reply