অসমৰ পৰিৱেশ সাহিত্য বিষয়ত প্ৰথমবাৰলৈ গৱেষণা পত্ৰ পাঠ কাৰ্যসূচী সম্পন্ন কৰিলে সাহিত্য অকাডেমীয়ে। সাহিত্য অকাডেমীৰ আঞ্চলিক সচিব দেৱেন্দ্ৰ কুমাৰ দেৱেশ, সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ ধ্ৰুৱজ্যোতি বৰা, অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম তথ্য প্ৰযুক্তি বিজ্ঞান পৰিষদৰ পৰিৱেশ শাখাৰ মূৰব্বী জয়দ্বীপ বৰুৱাই অংশ লোৱা এই গুৰুত্বপূৰ্ণ অনলাইন আলোচনা সত্ৰত ইকো-ক্ৰিটিচিজ্মৰ চৰ্চা কৰি থকা অসমৰ তিনিগৰাকী লেখক ড০ অৰবিন্দ ৰাজখোৱা, পংকজ কুমাৰ দত্ত আৰু পংকজগোবিন্দ মেধিয়ে গৱেষণা পত্ৰ পাঠ কৰে। অসমীয়া সাহিত্যত পৰিৱেশ সাহিত্য বিষয়টো একেবাৰে নতুন হোৱা হেতুকে সাহিত্য অকাডেমীৰ এই আলোচনাসত্ৰৰ জৰিয়তে এই নতুন বিষয়টোৱে এক প্ৰকাৰ মান্যতা লাভ কৰিলে। “প্ৰকৃতি সচেতনতা আৰু অসমীয়া সাহিত্য” শীৰ্ষক
এই কাৰ্যসূচীত সমল আলোচক ৰূপে অংশ লোৱা ড০ অৰবিন্দ ৰাজখোৱাই ‘অসমীয়া গদ্য সাহিত্যত প্ৰকৃতি সচেতনতা’ পংকজ কুমাৰ দত্তই ‘অসমৰ লোক সাহিত্যত প্ৰকৃতি সচেতনতা’ আৰু পংকজ গোবিন্দ মেধিয়ে অসমীয়া কবিতা আৰু উপন্যাসত প্ৰকৃতি সচেতনতা শীৰ্ষক গৱেষণা পত্ৰ পাঠ কৰে। এই কাৰ্যসূচীত অংশ লোৱা অসমৰ আটাইকেইগৰাকী আলোচকে অসমীয়া সাহিত্যৰ এই নতুন শাখা বা বিষয়টো আলোচনা কৰা বাবে সাহিত্য অকাডেমীক ধন্যবাদ জ্ঞাপন কৰে।
গৱেষণাপত্ৰ পাঠ কাৰ্যসূচীৰে অসমীয়া পৰিৱেশ সাহিত্যক মান্যতা সাহিত্য অকাডেমীৰ
