Breaking

যোৰহাটৰ তিমতিমীয়াত যোগেন চন্দ্ৰ নেওগৰ তিনিখন গ্ৰন্থ উন্মোচন

0 1,277

সাংস্কৃতিক মহাসভা অসম, যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সম্পাদক যোগেন চন্দ্ৰ নেওগৰ ভিন্ন প্ৰসংগৰ তিনিখন গ্ৰন্থ ২২ আগষ্টত উন্মোচন হৈ যায়। ক’ভিড প্ৰতিৰোধ বিধি মানি নামনি তিমতিমীয়া গাঁৱত লেখকৰ গৃহত সাহিত্যসেৱী প্ৰফুল্ল প্ৰাণ গগৈৰ সঞ্চালনাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানৰ প্ৰাসংগিকতা উল্লেখ কৰে বান্ধৈ, কালুগাঁও আলোচনী আৰু আত্মপ্ৰকাশ ক্ষুদ্ৰ পত্ৰিকাৰ সন্মানপ্ৰাপ্ত মুদ্ৰক লাটু গগৈয়ে। জ্যোতিৰ্ময় প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু গ্ৰন্থ ‘অকণিৰ নীতিকথা- জ্যোতিমালিকা’ যোৰহাট শাখা সাহিত্য সভাৰ উপ-সভাপতি মৃদুল শইকীয়াই, প্ৰবন্ধ সংকলন ‘পদ্মৰাগ’ সাংস্কৃতিক মহাসভা অসমৰ উপদেষ্টা প্ৰতাপ চন্দ্ৰ বৰুৱাই আৰু কাব্য সংকলন ‘বিহঙ্গ’ৰ দ্বিতীয় সংস্কৰণ অখিল ভাৰতীয় সাহিত্য পৰিষদ, যোৰহাটৰ সভাপতি ৰাজা চক্ৰৱৰ্তীয়ে উন্মোচন কৰে। কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ড০ কুমুদ চুতীয়া, সাংস্কৃতিক মহাসভা যোৰহাট জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক বিপুল হাজৰিকা, সহকাৰী সম্পাদক ৰফিক হুছেইন, সদস্য মনোৰঞ্জন ভৰালী, উত্তৰ-পশ্চিম যোৰহাট শাখা সাহিত্য সভাৰ সম্পাদক নৰেন চন্দ্ৰ বৰা, লেখক বংশী দত্ত আৰু সংগীত শিল্পী বিজুলী শৰ্মা হুছেইনে গ্ৰন্থ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য ৰাখে। লাটু গগৈ আৰু বংশী দত্তই কবিতা পাঠ কৰে। বিপুল হাজৰিকা, জাহ্নু কাশ্যপ, বিজুলী শৰ্মা হুছেইন আৰু মনোৰঞ্জন ভৰালীৰ গীতৰে অনুষ্ঠান মুখৰিত হয়। জাতীয় সংগীতেৰে সামৰণী পৰা উন্মোচনী অনুষ্ঠানত গৃহিণী পূৰ্ণিমা বৰা নেওগে সহযোগিতা আগবঢ়ায়।

Leave A Reply