Breaking

নগাঁৱৰ কঠিয়াতলীত তিনিটাকৈ ফুলকুমলীয়া শিশুৰ কৰুণ মৃত্যু : অঞ্চলজুৰি শোক

0 519

জিলাৰ লাওখোৱা চাপৰিৰ বগামুখত পিতৃয়ে দুই শিশু সন্তানক বিহ পান কৰোৱাত কৰুণ মৃত্যুক আকোৱালি লোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি জিলাখনৰ কঠীয়াতলীত অঞ্চলত তিনিটা শিশু কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ইয়াৰে ভিতৰত কঠিয়াতলী আৰক্ষী পহৰা চকীৰ অৰ্ন্তগত শিঙ্গাৰা পট্টিত দুই শিশুৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ আবুল হুছেইন আৰু ফৰিদা খাতুনৰ দুই সন্তান ক্ৰমে আফুজা খাতুন (৫) আৰু ফৰিদুল ইচলাম (৩) কালি আবেলিৰে পৰা সন্ধানহীন হৈ আছিল। আজি পুৱা পথাৰলৈ যোৱা লোকে পথাৰৰ পানী জুৱলিত ওপঙি থকা অৱস্থাত শিশু দুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। কেনেকৈ শিশু দুটি পথাৰৰ খাৱৈত পৰি মৃত্যু হ’ল সেইয়া ৰহস্যৰ আবৰ্তত যদিও মৃতদেহ দুটিৰ কাষত সৰু আঠুৱাৰ জাল প্ৰত্যক্ষ কৰি এয়া পথাৰত মাছ মাৰিব আহি হোৱা দূৰ্ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ ৰাইজে। স্থানীয় একাংশৰ মতে শিশু দুটিৰ পিতৃ-মাতৃৰ মাজত প্ৰায়ে পাৰিবাৰিক কন্দল সৃষ্টি হৈ আহিছিল।কালিও কোনো বিষয়ত কন্দলৰ সৃষ্টি হৈছিল।অৱশ্যে একাংশ লোকে কম পানীতে শিশু দুটাৰ কেনেদৰে মৃত্যু হ’ল সেই প্ৰশ্ন অৱতাৰণা কৰি এইয়া হত্যাকাণ্ড হ’ব পাৰে বুলিও সন্দেহ কৰিছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰাৰ লগতে শিশু দুটিৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।আৰক্ষীৰ তদন্তৰ পিছতহে শিশু দুটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ৷ আনহাতে, ৰাঙলু আৰক্ষী পহৰা চকীৰ অৰ্ন্তগত চেংমৰা গাঁৱত এটি শিশুৰ আজি পুৱা কৰুণ মৃত্যু ঘটে। পথাৰত কাম কৰা মোমায়েকক চাহ দি ঘুৰি আহোতেই পথাৰৰ কাষৰ দ পুখুৰীত পৰি মৃত্যু হয় শিশুটিৰ। মৃত শিশুটো মোজ্জামিলআলীৰ পুত্ৰ নুৰ আহমদ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এইদৰে একেদিনাই তিনিটা শিশুৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

Leave A Reply