Breaking

নিউ বঙাইগাঁও জংচনত তিনি ভুৱা কিন্নৰক গ্ৰেপ্তাৰ

0 260

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও জংচনত শুকুৰবাৰে সন্ধিয়া ৰে’লৱে আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীয়ে এক গোপন তথ্যৰ ভিত্তিত নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছৰ পৰা তিনিজন ভুৱা কিন্নৰক গ্ৰেপ্তাৰ কৰে।

জংচনত কিন্নৰৰ বেশ ধৰি যাত্ৰীৰ পৰা ধন আদায় কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰে তিনি প্ৰৱঞ্চকক ৷ আৰক্ষীয়ে ভুৱা কিন্নৰ তিনিজনৰ পৰা ২,৩৫০ টকা আৰু তিনিটা চুৰি এণ্ড্ৰইড মোবাইল ফোন উদ্ধাৰ কৰে।

ভুৱা কিন্নৰ তিনিজন হ’ল ফয়জাল হক ওৰফে আদোৰাণী (২১ বছৰ, জলেশ্বৰ বিল, লক্ষীপুৰ, গোৱালপাৰা ), ইদ্ৰীছ আলী ওৰফে বিন্দ (২১ বছৰ, সুপাৰিভিটা, লক্ষীপুৰ, গোৱালপাৰা) আৰু আব্দুল মালেক শ্বেখ ওৰফে স্বপনা (৪০ বছৰ ,গাৰোজান, জোলেশ্বৰ, গোৱালপাৰা) ৷

উল্লেখ্য যে পুৰুষ হৈয়ো সহজে ধন অৰ্জনৰ বাবে নিজকে কিন্নৰ হিচাপে পৰিচয় দিবলৈকো কুণ্ঠাবোধ নকৰি কিন্নৰৰ স্থান লোৱা কাৰ্যই মানুহে যে সহজে ধনৰ লালসাত যি কোনো কাম কৰিব পাৰে তাকে প্ৰমাণিত কৰিলে ৷

Leave A Reply