Breaking

খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…

0 19

ভাৰত চৰকাৰে সন্ত্ৰাসবাদী ঘোষণা কৰা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল কৰিছে কানাডা আৰক্ষীয়ে ।অভিযোগ অৱশ্যে ভাৰতে বাৰে বাৰে অস্বীকাৰ কৰি আহিছে । 2023 চনৰ ছেপ্টেম্বৰ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কানাডাক অৱগত কৰিছিল যে ভাৰত চৰকাৰে নিজ্জাৰৰ হত্যাৰ দৰে এনে কাৰ্যত লিপ্ত হোৱাটো ভাৰত চৰকাৰৰ নীতি নহয় ৷

এক সংবাদমেলত আৰ চি এম পিৰ সহকাৰী আয়ুক্ত ডেভিদ টেবৌলে নিজ্জাৰ হত্যাকাণ্ডৰ তদন্তৰ সক্ৰিয় প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰত চৰকাৰ আৰু এই হত্যাকাণ্ডৰ মাজত সম্ভাব্য সম্পৰ্ক সন্দৰ্ভত চোৰাংচোৱা তদন্তৰ কথা প্ৰকাশ কৰাৰ পাচতে নিজ্জাৰ হত্যাকাণ্ডৰ ফলত কানাডা আৰু ভাৰতৰ মাজত কূটনৈতিক উত্তেজনাৰ সৃষ্টি হয় ।

এই হত্যাকাণ্ডৰ পাচতে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অভিযোগ উত্থাপন কৰিছিল যে এই হত্যাকাণ্ডত ভাৰত চৰকাৰৰ হাত আছে ৷ অৱশ্যে এই দাবী ভাৰতে অস্বীকাৰ কৰিছিল আৰু ইয়াৰ ফলত কানাডা আৰু ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছিল ।

Leave A Reply