Breaking

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক খাদ্য যোগান জামুগুৰিহাটৰ তিনি যুৱ সাংবাদিকৰ ।

0 30

সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো কভিড ১৯ মহামাৰীৰ ভয়াবহতাৰ মাজতে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভাৱতাৰ পৰিচয় দিলে জামুগুৰিহাটৰ তিনিজন যুৱ সাংবাদিকে । কভিড ১৯ ৰ সময়ত জীৱ জন্তুৰ বাবে খাদ্যৰ সংকটত পৰি বহু সমস্যাত পৰা দেখা গৈছিল । তেনে সময়তে জামুগুৰিহাটৰ তিনিজন সাংবাদিক ক্ৰমে প্ৰেম তেৱাৰী প্ৰাঞ্জল বৰুৱা আৰু চন্দন শৰ্মাই সাংবাদিকতাৰ দৰে দৈনিক ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই আজি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা কঁপিকুলসকলৰ বাবে কিছু কম পৰিমানে হলেও কল, লেচু, তৰমুজ, ব্ৰেড, তিহু আদিৰে খাদ্য সামগ্ৰী নিজ হাতেৰে খুৱাই কঁপিকুলসকলক কিছু সকাঁহ দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস হাতত লোৱা দেখা গ’ল । তেওঁলোকে শোণিতপুৰ বাসী তথা সমুহ অসমবাসী ৰাইজক কৰোণা আতংকৰ সময়তো নিজৰ ব্যস্ততাৰ সময়তো কঁপিকুল তথা জীৱ জন্তুৰ মাজত এনেদৰে কিছু পৰিমানে খাদ্য সামগ্ৰী যোগান ধৰি কিছু সকাঁহ দিবৰ বাবে বিনম্ৰ অনুৰোধ জনায় ।

Leave A Reply