Breaking

অসম যুৱ অলিম্পিক ২০২২ কাৰাটেত মান্দাকাটাৰ তিনি গৰাকী খেলুৱৈ সাফল্যৰ হাঁহি।স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ শুভেচ্ছা

0 1,571

অসম যুৱ অলিম্পিক ২০২২ কাৰাটেত কামৰূপ জিলাৰ বেজেৰা নিকটবৰ্তী মান্দাকাটাৰ “লাহিৰাম কাকটি টাং চৌ দৌ Spots” একাডেমীৰ পৰা তিনি গৰাকী খেলুৱৈ অসম যুব অলিম্পিক ২০২২ অংশ গ্ৰহণ কৰি ৫০ কেজি শাখাত দুগৰাকী খেলুৱৈ দ্বিতীয় স্থান চিলভাৰ মেডেল খিতাপ দখল কৰে আৰু ৬০ কেজি শাখাত তৃতীয় স্থান লাভ কৰিব সক্ষম হৈছৈ।

আৰ্ছিফা খানম ,নাজমিন আহমেদ আৰু চাহিল হকৰ সফলতাক লৈ অঞ্চল বাসীয়ে গৌৰৱ অনুভৱ কৰিছে ।

উল্লেখ যে মান্দাকাটাস্থিত লাহিৰাম কাকটি টাং চৌ দৌ Spots” একাডেমীয়ে বিগত সময়চোৱা অঞ্চলটোৰ যুৱক যুৱতী সকলৰ শাৰিৰীক মানসিক দিশত খেলৰ যোগেদি উৎকৰ্ষ সাধন কৰি আহিছে।

মান্দাকাটাৰ পৰা ইফ্তাজুল হকৰ প্ৰতিবেদন

Leave A Reply