Breaking

লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ, মুঠ সংখ্যা ১৪৬ লৈ বৃদ্ধি! এইবাৰ কোন কোন সাংসদ নিলম্বিত হ’ল?

0 37

বৃহস্পতিবাৰে আৰু তিনিজন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হয়। লোকসভাত অসংসদীয় আচৰণৰ বাবে সাংসদসকলক নিলম্বন কৰিলে অধ্যক্ষ ওম বিৰলাই। ইয়াৰ লগে লগে লোকসভাৰ পৰা নিলম্বিত হোৱা মুঠ সাংসদৰ সংখ্যা ১৪৬ জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট ‘ভাৰত’ৰ সদস্যসকলে দিল্লীৰ ৰাজপথত চৰকাৰ বিৰোধী প্ৰতিবাদী সমদলত অংশ লৈছিল। সংসদৰ পৰা বিজয় চ’কলৈ সমদল উলিয়াই বিৰোধীয়ে; আৰু ইয়াৰ কিছু ঘন্টাৰ পিছত অধ্যক্ষই তিনিজন সাংসদক নিলম্বন কৰাৰ কথা ঘোষণা কৰে।

কংগ্ৰেছৰ ডি কে সুৰেশ, দীপক বাইজ আৰু নকুল নাথক বৃহস্পতিবাৰে লোকসভাৰ পৰা নিলম্বন কৰা হয়।

১৩ ডিচেম্বৰত সংসদত সংঘটিত আক্ৰমণৰ পিছৰে পৰা ইজনৰ পিছত সিজন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হৈছে।

লোকসভাৰ নিৰাপত্তাৰ ত্ৰুটিক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। সভাত ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈও দাবী জনায়। তাৰ বাবেই লোকসভাত অশান্তিৰ সৃষ্টি হয়। কেইবাজনো সাংসদৰ বিৰুদ্ধে অসংসদীয় আচৰণৰ অভিযোগ উত্থাপন হৈছিল। অধ্যক্ষই তেওঁলোকক নিলম্বন কৰে।

Leave A Reply