Breaking

মৰাণত পুনৰ তিনিজন লোক কভিডত আক্ৰান্ত

0 2,038

মৰাণত নিৰ্বাচনী গৰম বতাহৰ মাজতে ক’ৰোণাৰ পুনৰ সন্ত্ৰাস। আজি মৰাণত তিনিজন লোকৰ দেহত ক’ৰোণা ধৰা পৰাত এতিয়া মৰাণত আতংক সৃষ্টি হৈছে।ডিব্ৰুগড় জিলাৰ মৰাণ ২নং ডোমৰদলঙৰ নিবাসী পতি-পত্নী ক্ৰমে-দমৰিক ধানোৱাৰ(৩৪)আৰু হেলেনা কুল্লু(২৮)লগতে চৰাইদেউ জিলাৰ মৰাণ জ্যোতিপুৰৰ নিবাসী সুমেন্দ্ৰ গগৈৰ পত্নী মৌচুমী গগৈ(৪৮)দেহত আজি ক’ৰোণা পজিটিভ ধৰা পৰিছে।ইয়াৰে সুমেন্দ ধানোৱাৰ আৰু হেলেনা কুল্লুক হোমআইচোলেচনত ৰখাৰ বিপৰীতে মৌচুমী গগৈক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰিছে।

Leave A Reply